কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কমিচনkamicanaNoun
অন্যৰ কোনো কাম কৰাই দিয়া বাবে বা বস্ত্ত বেচা-কিনা কৰি দিয়া বাবে পোবা বেচ বা বানচ্।
commission
- কমিছনkamichanaNoun
অন্যৰ কোনো কাম কৰাই দিয়া বাবে বা বস্ত্ত বেচা-কিনা কৰি দিয়া বাবে পোবা বেচ বা বানচ্।
commission
- কমিটিkamiṭiNoun
মন্ত্ৰণা-সভা; সমিতি।
committee
- কমোৱাko.mo`.waAbstract Noun
কোনো বস্তুক কম বা সৰু হোৱা বা কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or phenomenon of sth getting smaller or less
- কম্পkampaNoun
কঁপনি; জোকাৰণি
shivering; trembling
- কম্পকkampakaNoun
কঁপাওঁতা; ভয় বা ত্ৰাস লগাওঁতা।
- কম্পনkampanaNoun
কঁপনি; জোকাৰণি
shivering; trembling
- কম্পনাংকkom.po.nang.koAbstract Noun
প্ৰতি চেকেণ্ডত বা প্ৰতি একক সময়ত নিয়মিতভাৱে ঘটা বা হোৱা কোনো পৰিঘটনাৰ সংখ্যা
the number of periods or regularly occurring events of any given kind in unit of time, usually in one second.
- কম্পনাংক কলনkom.po.nang.ko ko.lonAbstract Noun
ৰেডিঅ’ তৰংগেৰে বাৰ্তা প্ৰেৰণৰ এটা পদ্ধতি। এই কলনত বিস্তাৰৰ সমনি বাহক তৰংগৰ কম্পনাংকৰ মানহে সলনি কৰা হয়।
Frequency modulation (FM) is a form of modulation which represents information as variations in the instantaneous frequency of a carrier wave.
- কম্পাছkampāchaNoun
দিগ্দৰ্শন যন্ত্ৰ; [ইয়াৰ কাঁইটৰ এটা মূৰ সদায় উত্তৰফালে থাকে]
compass ; the compass
- কম্পিউটাৰkom.piu.tarMaterial Noun
গণনা কৰিব পৰা এবিধ বৈদ্যুতিন আহিলা। এবিধ বৈদ্যুতিন আহিলা যাৰ সহায়ত গাণিতিক আৰু যৌক্তিক কাৰ্য্যপ্ৰণালী ক্ষিপ্ৰতাৰে কৰিব পাৰি অথবা যিয়ে তথ্য (ইনফৰ্মেচন্) সংসাধন (প্ৰ’চেচ্) কৰিব অথবা সাঁচি থ’ব পাৰে।
A device that computes, especially a programmable electronic machine that performs high-speed mathematical or logical operations or that assembles, stores, correlates, or otherwise processes information.
- কম্পোজkampojaNoun
ছপা কৰিবলৈ আখৰ-সজোবা কাম।
compose
- কম্পোজিটৰkampojiṭaraNoun
ছপাৰ কাৰণে আখৰ-সজোবা লোক।
compositor
- কম্ফৰ্টাৰkampharṭāraNoun
ডিঙিত মেৰিওবা এবিধ কাপোৰ।
comforter
- কম্বলkambalaNoun
এবিধ নোমৰ ঢৰীয়া সূতাৰ ডাঠ আৰু উম থকা কাপোৰ
a blanket
- কম্বুkom.buMaterial Noun
সামূদ্ৰিক শামুকৰ খোলাৰ পৰা বনোৱা একপ্ৰকাৰৰ ফু দি বজোৱা বাদ্য |
One of a number of different species of medium-sized to large saltwater snails or their shells. True conchs are marine gastropod molluscs in the family Strombidae, and the genus Strombus; A wind instrument of great antiquity made from mollusk shells, much used in war and military exercises, and of great value in the orchestra. Hindus and Buddhist use it in religious ceremonies
- কম্বূkambūNoun
শঙ্খ
a conch
- কম্বোজkom.bo`jProper Noun
ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
In ancient India, one of the sixteen Mahajanapada(releam)
- কম্বোডিয়াProper Noun
দক্ষিণ-পূব এছিয়াৰ দক্ষিণ ইণ্ডো-চাইনিজ উপদ্বীপৰ এখন দেশ, যাৰ আয়তন ১৮১,০৩৫ বৰ্গ কিলোমিটাৰ৷
a country in the southern Indochinese Peninsula in Southeast Asia, spanning an area of 181,035 square kilometres.
- কমৰkamaraNoun
কঁকাল
the waist