কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বীৰদৰ্পেbi.ro.dor.peAdverb
বীৰৰ দৰে দপদপাই বা দৰ্প কৰি৷
boasting like a hero.
- বীৰপূজাbir.pu.jaVerbal Noun
কাৰোবাৰ প্ৰতি তেওঁৰ কিবা অসাধাৰণ গুণৰ বাবে থকা অগাধ ভক্তি৷
great admiration for somebody because people think s/he is extremely intelligent/ great/ visionary/ handsome/ beautiful etc. or possess some other extraordinary qualities.
- বু-বুবাbu-bubāIntransitive verb
সৰুকৈ আৰু অস্পষ্টকৈ কথা ক
to speak indistincly and in a low voice
- বুকু ফিন্দাইbuku, phindāiAdverb
অহঙ্কাৰ কৰি; গণ্ডপ মাৰি
haughtily
- বুকু-ডাঠ কৰ্bo.ku dath korVerb-Intran.
(কোনো কাম কৰিবলৈ) মনলৈ সাহস আন্
to garner courage (to do something)
- বুকুত লbu.kut loVerb-Trans.
মৰম স্নেহত বহু সময় ধৰি বুকুৰ কাষত/মাজত লৈ থাক৷
to embrace or hug with affection and warmth for long period of time.
- বুজbuj.Verb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- বুজনি দেbu.jo.ni deVerb-Trans.
(শোকগ্ৰস্ত মানুহক) বুজাই-বঢ়াই দুখ পাতলোৱা
to give comfort to or to lessen the sorrow of (a person in distress)
- বুজাbujāTransitive verb
প্ৰবোধ দি; বোধ জন্মা; শিকনি দি
to console; to explain
- বুজি পাbu.ji paVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- বুজ্bujTransitive verb
জানি ল; অৰ্থ চিনি পা; বোধগম্য কৰ্; . কৱদ
to understand
- বুটলbu.tol.Verb-Trans.
তলৰ পৰা কোনো বস্তু ওপৰলৈ লৈ আহ্
to lift something from the ground
- বুটাম মাৰ্bu.tam marVerb-Trans.
চোলা আদিত বুটাম লগাই বন্ধ কৰা৷
to fasten something (e.g. shirt etc.) with button.
- বুদ্ধি সাজ্bud.dhi xajVerb-Intran.
মনেৰে সাজ্ বা নোহোৱাকে হোৱা বুলি ক
to produce from imagination
- বুদ্ধিভ্ৰষ্ট হbud.dhi.bhros.to hoVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বুলনিVerbal Noun
খোজ কঢ়া বা চলন-ফুৰণৰ ধৰণ।
a manner of walking, stepping, or running.
- বুলাbulāTransitive verb
আনক খোজ কঢ়া
to cause another to walk
- বুলাবতbulābataVerb
ইফাল সিফাল কৰিছে; যেনে-"নয়ন বুলাবত।"
- বুল্bulIntransitive verb
খোজ কাঢ়্
to walk
- বুঢ়া হbur.ha hoVerb-Intran.
to become full grown, fully developed