কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰতিন্দ্ৰীProper Adj.
আৰ্ এন্ এ বা পৰিপূৰক ডি এন্ এ-ৰপৰা উদ্ভৱ এটা জিনৰ সৈতে সম্পৰ্ক থকা, যি ডি এন্ এ-ৰ এডাল সূত্ৰৰ ওলোটা দিশত সজ্জিত
of or pertaining to a gene that is derived from RNA or complementary DNA, is inserted in reverse orientation into a strand of DNA
- প্ৰতিপত্তিশালীpro.ti.pot.ti.xa.liProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- প্ৰতিপন্নpratipannaAdjective
যুক্তি, তৰ্ক আদিৰে নিৰ্ণয় কৰা; মীমাংসা কৰা
ascertained; demonstrated
- প্ৰতিপলProper Adj.
প্ৰত্যেক মুহূৰ্তত
every moment
- প্ৰতিপাদ্যpratipādyaAdjective
স্হিৰ কৰা; নিশ্চিত; যেনে-"তৰ্ক দণ্ড নীতি আনো যতেক আছয়ঃ ইটো সবে প্ৰতিপাদ্য বেদৰ নিশ্চয়"। (ৰত্নাবলী)
preascertained; preordained
- প্ৰতিপালনNoun; Adjective
প্ৰতিপালিত।
- প্ৰতিপালিতpro.ti.pa.li.toVerbal Adj.
যাক তুলি-তালি ডাঙৰ-দীঘল কৰা হৈছে
who has been nourished, supported or raised
- প্ৰতিফলিতpratiphalitaAdjective
প্ৰতিবিম্ব-স্বৰূপে আন এটা বস্ত্ত বা কাৰ্য্যৰ ওপৰত ওলোবা
reflected
- প্ৰতিবন্ধীpro.ti.bon.dhiProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- প্ৰতিভাতpratibhātaAdjective
প্ৰকাশিত; আলোকিত।
- প্ৰতিভাধৰpro.ti.bha.dhorProper Adj.
উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা।
having high mental ability or special aptitude for something.
- প্ৰতিভাবানpro.ti.bha.banProper Adj.
উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা।
having high mental ability or special aptitude for something.
- প্ৰতিভাশালীpro.ti.bha.xa.liProper Adj.
উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা।
having high mental ability or special aptitude for something.
- প্ৰতিভাশীলpro.ti.bha.xilProper Adj.
উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা।
having high mental ability or special aptitude for something.
- প্ৰতিভাসম্পন্নpro.ti.bha.xom.pon.noProper Adj.
উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা।
having high mental ability or special aptitude for something.
- প্ৰতিমাহেpro.ti.ma.heProper Adj.
প্ৰতি মাহত এবাৰকৈ হোৱা বা ঘটা৷
done, produced, or occurring once every month
- প্ৰতিমুখpratimukhaAdjective
বিৰোধী; শত্ৰু ভাব থকা
hostile
- প্ৰতিযোগিতামূলকProper Adj.
কোনো পদক বা পুৰষ্কাৰ লাভৰ কাৰণে আনৰ বিৰুদ্ধে যুঁজ দিয়া সম্পৰ্কীয়
concerned with striving against others for a reward
- প্ৰতিলোমpratilomaAdjective
ওলটা; বিপৰীত।
- প্ৰতিশোধ-পৰায়ণpro.ti.xo`dh-po.ra.yonProper Adj.
প্ৰতিশোধ লোৱাৰ মনোবৃত্তি বা প্ৰৱণতা থকা
disposed or inclined to revenge