কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিমবাহhim.bahAbstract Noun
তললৈ বাগৰি অহা বহু মিটাৰ বা কিলোমিটাৰ বৰ্গৰ বৰফৰ সোঁত৷
an extended mass of ice formed from snow falling and accumulating over the years and moving very slowly, either descending from high mountains, as in valley glaciers, or moving outward from centers of accumulation, as in continental glaciers
- হিমবিদৰCommon Noun
হিমবাহৰ মাজত হোৱা ফাঁক বা খাল
a gap or gully between glaciers
- হিমবৰষাhim.bo.ro.xaAbstract Noun
ডাৱৰৰ পৰা সৃষ্ট কঠিন বৰফৰ টুকুৰা বৰষি পৰা বৰষুণ
showery precipitation in the form of irregular pellets or balls of ice
- হিমমণ্ডলhim.mon.dolMaterial Noun
পৃথিবীৰ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত শীতল অঞ্চল, এই অঞ্চলত বছৰৰ বাৰ মাহেই সূৰ্য্যৰ ৰশ্মি হেলনীয়াকৈ পৰে ।
The part of the Earth's surface forming a cap over a pole; characterized by frigid climate.
- হিমশিলাhimaśilāNoun
চেঁচা হৈ গোট মৰা পানী; পানী-শিল; বৰফ
ice
- হিমশৈলProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- হিমস্খলনhi.mos.kho.lonAbstract Noun
হুৰমূৰাই নামি অহা বৰফৰ প্ৰবাহ
a large mass of snow, ice, etc., detached from a mountain slope and sliding or falling suddenly downward
- হিমাংকhi.mang.koAbstract Noun
এক নিৰ্দ্দিষ্ট চাপত যি উষ্ণতাত নিৰ্দ্দিষ্ট উপাদান বিশিষ্ট এক জুলীয়া পদাৰ্থ বৰফলৈ ৰূপান্তৰিত হৈ গোট মাৰে।
the temperature at which a liquid of specified composition freezes and solidifies under a specified pressure
- হিমাংশুhimāṃśuNoun
চন্দ্ৰ; জোন
the moon
- হিমাঙ্কhi.mang.koAbstract Noun
এক নিৰ্দ্দিষ্ট চাপত যি উষ্ণতাত নিৰ্দ্দিষ্ট উপাদান বিশিষ্ট এক জুলীয়া পদাৰ্থ বৰফলৈ ৰূপান্তৰিত হৈ গোট মাৰে।
the temperature at which a liquid of specified composition freezes and solidifies under a specified pressure
- হিমাচলhi.ma.solProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- হিমাদ্ৰিhimādriNoun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা পৱথিবীৰ এটাইতকৈ ওখ এশাৰী পৰ্ব্বত
the Himalayan range of mountains
- হিমানীhi.ma.niMaterial Noun
শূন্য ডিগ্ৰী চেলচিয়াচ উষ্ণতাতকৈ কম উষ্ণতাত, কঠিন অৱস্থাত থকা পানী ৷
Water frozen in the solid state below 0<sup>o</sup>C temperature.
- হিমান্তhi.man.toAbstract Noun
অসমীয়া বৰ্ষচক্ৰ অনুসৰি চ’ত-বহাগ মাহৰ এটা ঋতু বা কাল ৷
A season which falls in the month of March to May. It comes in the last and first month of Assamese calendar year.
- হিমালয়hi.ma.loyProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- হিমায়কhi.ma.yokCommon Noun
খাদ্য,ঔষধ আদি চেঁচা আৰু সতেজ কৰি ৰাখিব পৰা এক বিদ্যুৎ চালিত বাকচ/আধাৰ৷
an electrical cabinet for keeping the contents within (food, vegetable, medicine etc.) cool and fresh.
- হিমায়নAbstract Noun
কোনো বস্তু ঠাণ্ডা কৰাৰ প্ৰণালী
the process of making something cool
- হিমাৰাতিhi.ma.ra.tiMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- হিমিকাhi.mi.kaMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- হিমেজুhimejuNoun
হেমেজু; হাতীৰ মদ-বাৰি; বলিয়া তিওবা হাতীৰ কাণ- সতাৰপৰা ওলোবা ৰস
fluid exuding from the temple of an elephant in rut