কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভিনপৰbhin.porVerbal Noun
কোনো এক পক্ষৰ ফলীয়া হোৱা কাৰ্য্য; পৰস্পৰ বিপৰীত স্বাৰ্থযুক্ত মানুহৰ এদল বা এজনক এৰি আন দল বা জনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন।
The quality or state of being partial; inclination to favor one party, or one side of a question, more than the other; undue bias of mind.
- ভিনিহিbhinihiNoun
বাইৰ স্বামী
the husband of one's elder sister
- ভিনীbhi.niCommon Noun
বায়েকৰ স্বামী
husband of elder sister
- ভিনীহিbhi.ni.hiCommon Noun
বায়েকৰ স্বামী
husband of elder sister
- ভিনেগাৰbhi.ne.garAbstract Noun
এলকহল-যুক্ত জুলীয়া বস্তুৰ পৰা প্ৰস্তুত কৰা এক টেঙা জুলীয়া পদাৰ্থ, যাক সংৰক্ষণকাৰী দ্ৰৱৰূপে ব্যৱহাৰ কৰা হয়।
a sour liquid obtained by fermentation of dilute alcoholic liquids and used as a condiment or preservative.
- ভিন্দিপালbhindipālaNoun
দলিয়াই মৰা এবিধ অস্ত্ৰ; যেনে-"অসি অৰ্দ্ধচন্দ্ৰ শেল শূল ভিন্দিপাল" (মা. আদিকাণ্ড)।
- ভিন্ন-ভাৱbhin.no-bhao`Abstract Noun
দুই বা ততোধিক বস্তু একে নোহোৱা গুণ, অৱস্থা বা তাৰ পৰিমাণ।
The quality or condition or amount by which two or more items are not similar.
- ভিন্নতাbhin.no.taAbstract Noun
দুই বা ততোধিক বস্তু একে নোহোৱা গুণ, অৱস্থা বা তাৰ পৰিমাণ।
The quality or condition or amount by which two or more items are not similar.
- ভিন্নমতbhin.no.motAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- ভিন্নাৰ্থAbstract Noun
একে ধ্বনি বা ৰূপ বিশিষ্ট কিন্তু অৰ্থত পৃথক দুটা শব্দৰ মাজৰ সম্পৰ্ক
the relation between two words of same sound or form but different in meaning
- ভিলেইন্bhi.le.inCommon Noun
গল্প, উপন্যাস, চিনেমা আদিৰ কাহিনীৰ মূল দুষ্ট চৰিত্ৰ যি সাধাৰণতে নৈতিক ভাবে নিকৃষ্ট আৰু আনৰ দুখ কষ্ট, পতনৰ বাবে জগৰীয়া৷
the main bad character in a story, cinema etc.who has a low morale and is responsible for suffering and downfall of others.
- ভিষ্মbhiṣmaNoun
গঙ্গাদেবীৰ গৰ্ভত হোবা শান্তনু ৰজাৰ পুতেক [এওঁ কুৰু-পাণ্ডব দুয়ো বংশৰ পিতামহ।]
the grand uncle of Kurus and Pāndavas
- ভিয়েটনামbhi.yet.namProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দেশ৷
Vietnam, officially the Socialist Republic of Vietnam, is the easternmost country on the Indochina Peninsula in Southeast Asia.
- ভিয়েনাbhi.ye.naProper Noun
মধ্য ইউৰোপৰ এখন দেশ অষ্ট্ৰিয়াৰ ৰাজধানী
Vienna is the capital and largest city of Austria, and one of the nine states of Austria. Vienna is Austria's primary city, with a population of about 1.757 million, and its cultural, economic, and political centre.
- ভিৰNoun
পূৰ্ণ অবস্হা; ভৰ; হেঁচা
fulness; pressure
- ভিৰিbhiriAdverb
হেঁচি আৰু দকৈ; যেনে-"গজালটো ভিৰি বহুবা"
pressing in deeply
- ভীতিbhītiNoun
ভয়; আশঙ্কা
fear; apprehension
- ভীতি-দোহনVerbal Noun
গুপুত কথা ফাদিল কৰি দিয়াৰ ভয় দেখুৱাই নিজা স্বাৰ্থ পূৰণ কৰা অপকাৰ্য্য
a wrong deed of threatening to reveal secrets.
- ভীতিপ্ৰদৰ্শনbhi.ti.pro.dor.xonVerbal Noun
কোনো ব্যক্তিৰ গোপনীয় কথা ফাদিল কৰা ভয় দেখুৱাই অৰ্থৰ দাবী কৰা কাৰ্য৷
a threatening to reveal substantially true information about a person to the public, a family member, or associates unless a monetary demand is met.
- ভীতিমূলক উপন্যাসAbstract Noun
ই হৈছে সাহিত্যৰ এক ধাৰা, যিটো দৰ্শকক ভয় খুৱাবলৈ, আচৰিত কৰিবলৈ, স্তম্ভিত কৰিবলৈ, আনকি বিকৃত কৰিবলৈও উদ্দেশ্য কৰা হৈছে৷
it is a genre of literature, that is meant to scare, startle, shock, and even repulse the audience.