কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিংসাNoun
অপকাৰ; শত্ৰুতা; বৈৰিতা; অমঙ্গলৰ বাঞ্ছা
injure; mischief; malice
- হিংসা-হিংসিNoun
পৰস্পৰ বৈৰভাব বা শত্ৰুতা; খোঁচা- খুচি
mutual enmity or malice; mutual ill-will
- হিংসাৰুhing.xa.ruCommon Noun
পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ
A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes.
- হিংহিং-কিটকিটhing.hing-kit.kitAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- হিউhiuNoun
হিয়া; সাহ; যেনে-'অৰে অৰে চোৰ তোৰ এতমান হিউ' (মা. ক., অৰণ্যকাণ্ড)
courage
- হিউৱেনচাংhiu.wen.sangProper Noun
চীনা পৰিব্ৰাজক, বৌদ্ধভিক্ষু৷ তেওঁৰ টোকাত কামৰূপৰ বিযয়ে বহু তথ্য পোৱা যায়৷
Xuanzang, was a Chinese Buddhist monk, scholar, traveller, and translator who described the interaction between China and India in the early Tang dynasty. He describe vividly about the then Kamrup.
- হিকটিhikaṭiNoun
বায়ুনলীত খুন্দা খাই হঠাৎ হোবা নিশ্বাস
a hiccup
- হিকটীয়া-মাহhikaṭīẏā-māhaNoun
মচুৰ-মাহৰ পাতৰ সদৱশ পাতেৰে এবিধ বনৰীয়া মাহ (ই বৰ টান আৰু সিজালে নিসিজে, গেঁঠেলা মাৰি থাকে।)
a kind of wild pulse
- হিগচ বচনhi.gos bo.sonMaterial Noun
২০১২ চনত ধৰা পেলোৱা এটা মৌলিক কণা৷ পদাৰ্থৰ ভৰ কিয় থাকে, এই মৌলিক প্ৰশ্নৰ উত্তৰ ঈশ্বৰ কণাই দিব পাৰে৷
In 2012, scientists confirmed the detection of the long-sought Higgs boson, also known by its nickname the "God particle," at the Large Hadron Collider (LHC), the most powerful particle accelerator on the planet. This particle helps give mass to all elementary particles that have mass, such as electrons and protons.
- হিঙ্গুলhiṅgulaNoun
হেঙুল; পাৰা আৰু গন্ধকৰপৰা তৈয়াৰ কৰা বা স্বাভাবিকতে আকৰত পোবা এবিধ ৰঙা বস্ত্ত
vermilion; cinnabar
- হিচা(ছা)পhicā(chā)paNoun
জমা খৰচ বা পাব-দিব লগীয়া ধন বস্ত্তৰ লেখ; ধন বস্ত্তৰ গস্তি বা সংখ্যাকৰণ
an account
- হিচাপhi.sapAbstract Noun
লাভ-লোকচানৰ হিচাপ
a formal record of the debits and credits relating to the person, business, etc., named at the head of the ledger account.
- হিচাপ পৰীক্ষকCommon Noun
a qualified person who audits accounts
- হিচাপ-পৰীক্ষাAbstract Noun
Official scrutiny of accounts
- হিচাপবিদ্যাhi.sap.bi.dyaAbstract Noun
আৰ্থিক হিচাপ ৰখা কোনো গোটে চলোৱা বিত্তীয় লেন-দেন বা কাৰ্য্যাৱলী সূচোৱা হিচাপ-নিকাচ, জোখ-মাখ, শ্ৰেণীবিভাগ আৰু সাৰাংশ আদিৰ ওপৰত ভিত্তি কৰা এক পদ্ধতি বা সেই সম্পৰ্কীয় বিদ্যা।
Information system based on the recording, classification, measurement and summary of significant figures which, expressed basically in monetary terms, shows the state of the operations and transactions made by an economic accounting body.
- হিচাপশাস্ত্ৰhi.sap.xas.troAbstract Noun
আৰ্থিক হিচাপ ৰখা কোনো গোটে চলোৱা বিত্তীয় লেন-দেন বা কাৰ্য্যাৱলী সূচোৱা হিচাপ-নিকাচ, জোখ-মাখ, শ্ৰেণীবিভাগ আৰু সাৰাংশ আদিৰ ওপৰত ভিত্তি কৰা এক পদ্ধতি বা সেই সম্পৰ্কীয় বিদ্যা।
Information system based on the recording, classification, measurement and summary of significant figures which, expressed basically in monetary terms, shows the state of the operations and transactions made by an economic accounting body.
- হিচাপৰক্ষকhi.sap.ro.khyokCommon Noun
হিচাপ-পত্ৰ ৰখাৰ দায়িত্বত থকা ব্যক্তি।
someone whose job is to keep accounts.
- হিচাপৰক্ষণhi.sa.p.ro.khy.nAbstract Noun
The science and mathematics of keeping record of cash flow.
- হিছাপ-বহীhi.sap-bo.hiMaterial Noun
বাণিজ্যিক লেন-দেনৰ হিছাপ লিপিৱদ্ধ কৰি ৰখা বহী।
a record in which commercial accounts are recorded.
- হিজলhijalaNoun
দ ঠাইত হোবা এবিধ ওখ ডাঙৰ জোপোহা গছ (লমা-লমে গুটি লাগে; গুটি ঔষধত ব্যবহৱত হয়)
the Indian oak; Barringtonia acutangula