কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৰতীয় ৰেলbha.ro.ti.yo relProper Noun
ৰেল মন্ত্ৰণালয়ৰ অধীনত ভাৰতত ৰেল সেৱা আগবঢ়োৱা এটা চৰকাৰী বিভাগ৷
a Govt. of India department under the Railways Ministry. It owns and operates most of India's rail transport. It is the second largest railway network in Asia and fourth in the world.
- ভাৰতৰত্নbha.rot.rot.noProper Noun
ভাৰতৰত্ন আমাৰ দেশে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান ৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় ৷
Bharat Ratna is India's highest civilian award, awarded for the highest degrees of national service. This service includes artistic, literary, and scientific achievements, as well as "recognition of public service of the highest order.
- ভাৰন্তbhārantaNoun
পৱথিবী; জগত
world
- ভাৰপ্ৰাপ্তbhar.prap.toCommon Noun
কোনো আন ব্যক্তিৰ ঠাইত থাকি নিজৰ দায়িত্ব পালন কৰা ব্যক্তি ৷
a person who obeys the duty or supervision in the place of other person.
- ভাৰবাহকbhar.ba.hokCommon Noun
A person or animal that carries something
- ভাৰবাহী ঘোঁৰাbhar.ba.hi gho`~.raCommon Noun
বয়-বস্তু কঢ়িওৱা ঘোঁৰা৷
a heavy, well built horse used to carry loads.
- ভাৰবাহী জন্তুCommon Noun
গধুৰ বোজা কঢ়িওৱা বা গধুৰ সঁজুলি টানিবলৈ ব্যৱহাৰ কৰা জন্তু ৷
an animal used for carrying heavy loads or pulling heavy equipment.
- ভাৰবাহী পশুCommon Noun
গধুৰ বোজা কঢ়িওৱা বা গধুৰ সঁজুলি টানিবলৈ ব্যৱহাৰ কৰা জন্তু ৷
an animal used for carrying heavy loads or pulling heavy equipment.
- ভাৰমাৰিbhāramāriNoun
কান মাৰি।
- ভাৰসাbhārasāNoun
আশা; আস্হা
hope
- ভাৰসাম্যbhar.xa.myoAbstract Noun
শৰীৰ বা মনৰ স্থিৰতা
Stability of the body or mind
- ভাৰাbhārāNoun
কেৰেয়া; ভেৰোণ; . বিণ. b >ভাৰি/b> (বুৰঞ্জী) কেৰেয়া বা ভাষালৈ দিয়া; ভেৰোণীয়া
hire ; let on hire
- ভাৰাগাড়ীbha.ra.ga.riMaterial Noun
ধনৰ বিনিময়ত অস্থায়ীভাৱে ব্যৱহাৰ কৰিব পৰা গাড়ী
car provided for a fee
- ভাৰাঘৰbha.ra.ghorMaterial Noun
নিৰ্দ্ধাৰিত ভাড়া দি অস্থায়ীভাবে থাকিব পৰাকৈ নিৰ্মান কৰা কোনো মালিকীস্বত্ব থকা ঘৰ ৷
a house where a fixed payment is made for the temporary use owned by another person.
- ভাৰাতীয়াbha.ra.ti.yaCommon Noun
Person who occupies a premise by paying rent to its owners
- ভাৰাতীয়া-মাতৃbha.ra.ti.ya ma.triCommon Noun
এগৰাকী মহিলা যি নিজৰ গৰ্ভত আন দম্পতিৰ (যাৰ কেছুৱা হোৱা নাই) ভ্ৰূণ কৃতিমভাৱে ধাৰণ কৰি কেছুৱা জন্ম দিয়ে আৰু তাৰ বাবত ধন লয়|
A woman who helps a couple to have a child by carrying to term an embryo conceived by the couple and transferred to her uterus, or by being inseminated with the man's sperm and either donating the embryo for transfer to the woman's uterus or carrying it to term.
- ভাৰিbhāriNoun
উত্কোচ; . যেনে-"হাউৰে চণ্ডাল ভৰতৰ ভাৰি খাইলি। চাটু-বাটু কৰিয়া ৰামৰ লগে আইলি" (মা. ক., অৰণ্যকাণ্ড)।
bribe
- ভাৰীbhārīNoun
ভাৰ বোবা মানুহ; বেচ লৈ বস্ত্ত কঢ়িওবা মানুহ
a porter
- ভাৰুবাbhārubāNoun
ভাৰ বোবা মানুহ; সামান্য হা মূৰ্খ মানুহ
a servile person; an idiot
- ভাৰুৱাbha.ru.waCommon Noun
A person or animal that carries something