কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মনীষীmanīṣīAdjective
জ্ঞানী; পণ্ডিত; বুদ্ধিমন্ত
learned; wise; intelligent
- মনুmanuNoun
ব্ৰহ্মাৰ পুতেক চৈধ্যজন [তেওঁলোকৰ নাম-(
- মনু-সংহিতাmanu-saṃhitāNoun
স্বায়ন্ত্তব মনুৰ প্ৰণীত ধৰ্ম্মশাস্ত্ৰ
a code of Hindu law supposed to be compiled by the first Manu, Svāyambhuva
- মনুজmo.nujCommon Noun
মানুহৰ দুই লিঙ্গৰ বিশেষকৈ শাৰীৰিকভাৱে সৱলজন ৷
An adult male human being, as distinguished from a woman.
- মনুবাmanubāNoun
মন; চিত্ত; যেনে-"কা কৰু মনুবা বিষয়-বিলাস" (বৰগীত)।
- মনুষ্যmanuṣyaNoun
মানুহ
man; mankind
- মনুষ্য-গণmanuṣya-gaṇaNoun
নৰ-গণ; জ্যোতিষমতে মানুহৰ স্বভাব; যেনে-দৰাৰ মনুষ্য-গণ, কন্যাৰ ৰাক্ষস-গণ হ'লে অমিল হয়
one of the three classes into which 27 asterisms are divided
- মনুষ্যত্বmanuṣyatbaNoun
মানুহৰ গুণ; পুৰুষত্ব; মানুহৰ স্বভাব
the higher qualities of a man; manliness
- মনুষ্যত্বহীনতাmo.nu.sotyo.hi.no.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- মনুষ্যদ্বেষীCommon Noun
মানুহক অপছন্দ কৰা ব্যক্তি
a person who dislikes human being
- মনুষ্যলোকmo.nu.syo.lo`kMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- মনুষ্যশক্তিmo.nu.syo.xok.tiAbstract Noun
the amound of labour done by human employees
- মনুস্মৃতিmo.nu.smri.tiProper Noun
বৈদিক যুগৰ সামাজিক আচাৰ নীতি সম্পৰ্কে লেখা পুথি৷ ৰচক মনু৷
Manusmriti, translated "Laws of Manu" or "Institutions of Manu," is the most important and authoritative Hindu Law Book (Dharmashastra), which served as a foundational work on Hindu law and jurisprudence in the ancient Indian society. Until the modern times it was the standard reference for both the rulers who patronized Vedic faith and the people who practiced it.
- মনুৱাmo.nu.waAbstract Noun
মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷
The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination.
- মনে-নোখোৱাmo.ne-no`.kho`.waAbstract Noun
কিহবাৰ প্ৰতি বিকৰ্ষণ বা ভাল নোপোৱা ভাৱ
Dislike or aversion for something
- মনোকষ্টmo.no’.kos.toAbstract Noun
ভাল অৱস্থাত নাথাকোতে হোৱা অনুভূতি
emotions experienced when not in a state of well-being
- মনোকামনাmo.no`.ka.mo.naAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- মনোগতিজmo.no`.go.tijAbstract Noun
মনৰ শক্তিৰ দ্বাৰা কোনো কয়িক বস্তুক সঞ্চালন কৰিব পৰা এক কাল্পনিক শক্তি বা গুণ।
the hypothetical ability to move a physical object by mental power.
- মনোজগতmanojagataNoun
মনৰ ভিতৰখন; অন্তঃৰাজ্য
the inner world
- মনোনিবেশmanonibeśaNoun
কোনো বিষয়ত মন পুতি লগা কাৰ্য্য; মনো-যোগ
attention