কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাস্যৰসিকhai.syo.ro’.xikCommon Noun
হাঁহি উঠা কথা কোৱা বা লিখা ব্যক্তি
a talker or writer who says amusing tings
- হাহাকাৰhāhākāraNoun
হাঁ-হাঁ-কা-কা; ডাঙৰ মাতেৰে কৰা দুখ প্ৰকাশ; কাতৰভাবে কন্দা শব্দ
lamentation; a cry of pain or distress
- হাহ্যকাৰCommon Noun
খুঁহুতীয়া বা হাঁহি উঠা কথা লিখা লিখক
a person who writes comic material
- হাহ্যলেখকCommon Noun
খুঁহুতীয়া বা হাঁহি উঠা কথা লিখা লিখক
a person who writes comic material
- হাড়hāṛaNoun
মঙহৰ ভিতৰৰ টান ভাগ; অস্হি
a bone
- হাড় ঘোৰোবা লতাhāṛa, ghorobā, latāNoun
এবিধ সৰু দীঘলীয়া পাতেৰে লতা [তাক বাম্ধি খুন্দি দিলে হাত ভৰিৰ ভগা হাড় যোৰা খায় বুলি কয়।]
a kind of medicinal creeper
- হাড় ভঙাhar bho.ngaVerbal Noun
শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা
the breaking of a bone, cartilage, or the like, or the resulting condition
- হাড়-গিলাhāṛa-gilāNoun
তেলীয়া-সাৰেং
the adjutant bird; Lepteptiloc argala
- হাড়-ঘুনুচাhāṛa-ghunucāNoun
সিজুৰ নিচিনা কৰ্দ্দৈসিৰীয়া, ঘন ঘন পাব থকা প্ৰায় পাত নধৰা এবিধ লতা [কেঁচাই খুন্দি বান্ধি দিলে ভগা হাড় যোবা খায় বুলি কয়।]
a kind of creeper; cissus or vitis quadragularis
- হাড়কটা বনhāṛakaṭā, banaNoun
দীঘল কাঁচিদঁৰীয়া ধাৰ থকা পাতেৰে এবিধ ঘাঁহ
a king of grass
- হাড়গিলাhar.gi.laCommon Noun
ডিঙিত এটা মোনা ওলমি থকা এবিধ ডাঙৰ চৰাই । বগলীসদৃশ দীঘল ঠেঙৰ এজাতি চৰাই । পূৰ্বতে দক্ষিণ এচিয়া মহাদেশৰ <b>পাকিস্তান, ভাৰত, পূৱ শ্ৰীলঙ্কাৰ</b> পৰা <b>মালয়েচিয়াৰ বৰ্ণিয়লৈকে</b> বিয়পি আছিল । কিন্তু এতিয়া মাত্ৰ <b>অসম</b> আৰু <b>কম্বোদিয়াতহে</b> পোৱা যায় । শীতকালি ইহঁতে দক্ষিণৰ পৰা <b>ভিয়েটনাম, থাইলেণ্ড</b> আৰু <b>ম্যানমাৰ</b>লৈ পৰিভ্ৰমণ কৰে ।<br>হাড়-গিলা ১৪৫-১৫০ ছে.মি.লৈকে ওখ আৰু ২৫০ ছে.মি. পৰিধিৰ ডেউকাৰে এটা ডাঙৰ জাতৰ চৰাই । শাৰীৰিক ওজনৰ কোনো সঠিক অভিলেখ পোৱা নেযায় যদিও সম্ভৱত বগলীবিলাকৰ ভিতৰত ই আটাইতকৈ ডাঙৰ । ইয়াৰ দেহৰ ওপৰ অংশ আৰু ডেউকা সাধাৰণতে ক’লা হয় । কিন্তু পেট আৰু ফিছাৰ তলৰ অংশ ধূসৰ বগা হোৱা দেখা যায় । শগুণৰ দৰে মূৰটো টকলা আৰু কমলা ৰঙৰ । ঠোঁটটো শকত দীঘল আৰু হালধীয়া ৰঙৰ ।</br>হাড়-গিলাই প্ৰায়বোৰ বগলী জাতৰ চৰাইৰ দৰে ডিঙিমেলি উৰি নেযায় । বৰঞ্চ ডিঙি কোঁচাইহে উৰে ।</br>হাড়-গিলাৰ বংশবৃদ্ধি সাধাৰনতে বিষুবীয় অঞ্চলৰ জলাশয়ৰ দৰে ঠাইত হয় । ই ওখ গছৰ ওপৰত গছৰ ডাল আদিৰে বাহ সাজি এবাৰত <b>২-৪</b> টালৈকে কনী পাৰে । কনীৰ পৰা পোৱালী জগিবলৈ প্ৰায় ২৮-৩০ দিন সময় লাগে । </br>হাড়-গিলাই ভেকুলী, ফৰিং, জ়েঠী, মৰা জীৱ-জন্ত আদিকে ধৰি গেলা-পঁচা বস্তুলৈকে ভক্ষন কৰে । বাহ সজাৰ উপযুক্ত ঠাই, খাদ্যৰ অভাৱ, প্রদূষণ আদিৰ উপৰি চিকাৰ আৰু কণী সংগ্ৰহৰ বাৱে হাড়-গিলাৰ সংখ্যা দ্ৰুত হাৰত কমি গৈছে । বৰ্তমানে ইয়াৰ সংখ্যা ১০০০ ৰো কম হ’ব বুলি ধাৰণা কৰা হৈছে।
Large mostly Old World wading birds typically having white-and-black plumage</br>The <b>Greater Adjutant</b>, <i>Leptoptilos dubius</i>, is a large wading bird in the stork family Ciconiidae. It formerly bred in <i>southern Asia from Pakistan and India, Sri Lanka east to Borneo</i>, but is now restricted to two separate small breeding populations; in <b>Assam</b> and <b>Cambodia</b>. In winter, this species migrates south to Vietnam, Thailand and Myanmar.</br>This is a huge bird, typically 145-150 cm (57-60 in) tall with a 250 cm (99 in) wingspan. There are no records of the weight of wild birds, but they may be the heaviest species of stork. Its upper body and wings are black, but the belly and undertail are off-white or pale grey. The pink head and neck are bare like those of a vulture. The yellow bill is long and thick. Juveniles are a duller version of the adult. </br>Most storks fly with neck outstretched, but the three <i>Leptoptilos</i> species retract their neck in flight like a heron. </br>The Greater Adjutant breeds in tropical wetlands. It builds a stick nest in trees and lays 2-4 eggs which are incubated by both parents for 28-30 days to hatching. It often forms small colonies. </br>The Greater Adjutant, like most of its relatives, feeds mainly on frogs and large insects, but also young birds, lizards and rodents. It will also eat carrion, for which its bare head and neck is an adaptation, and will feed in human refuse dumps. </br>Loss of nesting habitat and feeding sites through drainage, pollutions and disturbance, together with hunting and egg collection has caused a massive decline in the population of this species. The current population is estimated at less than 1,000.
- হাড়জোৰা লতাhar.jo`.ra lo.taCommon Noun
এবিধ সৰু দীঘলীয়া পাতেৰে লতা; তাক খুন্দি বান্ধি দিলে হাত ভৰিৰ ভগা হাড় যোৰা খায় বুলি কয় ৷
It is a medicinal plant that has been customarily used in the Indian subcontinent to hasten the process of healing in bone fractures. The plant grows throughout India, especially, in hotter regions and in Sri Lanka, The tendril climber has quadrangular stems with ridges. The stems are often leafless, when old. Few aerial roots arise from the joined nodes and grow towards the soil, The leaves are small, simple, heart-shaped and toothed. The flowers are small, greenish white, in short cymes. The fruits are globose or ovoid berries, red when ripe.
- হাড়িhāṛiNoun
চৰিবলৈ এৰি দিয়া জন্ত্তৰ (ঘোঁৰা) আগ-ঠেং দুটা চপাই জুঁতি দিয়া জৰীৰ বান্ধ; ষাণ্ডা; গুটীয়া
a hobble for the legs of an animal
- হাড়িয়াha.ri.yaMaterial Noun
চাউলৰ পৰা উৎপাদন কৰা এবিধ পৰম্পৰাগত ৰাগীয়াল পানীয়৷
A kind of traditional alcoholic drinks made from rice.
- হাড়ীhāṛīNoun
মাটিৰ পাক-পাত্ৰ; চৰু; যেনে-"অশৌচৰ নিমিত্তে আজি চৰু-হাড়ী পেলাইছো"
an earthen cooking vessel
- হায়ঔ-বিঔhāẏaau-biauNoun
শোক, ভয় বা আশ্চৰ্য্য প্ৰকাশ কৰা ডাঙৰ মাত
a loud cry or noise made to express sorrow, fear or wonder
- হায়নhayonAbstract Noun
পৃথিৱীয়ে সূৰ্য্যৰ চাৰিফালে এবাৰ প্ৰদক্ষিণ কৰিবলৈ লগা সময়৷
the time taken by the earth to revolve around the sun.
- হায়েনাha.ye.naCommon Noun
এবিধ মাংসভোজী শিয়ালৰ নিচিনা বন্য প্ৰাণী।
wild animals of the family Hyaenidae.
- হায়ৈ-বিয়ৈhāẏai-biẏaiNoun
চিঞৰ-বাখৰ।
- হায়ৰাণhay.ranAbstract Noun
কোনো লোকক অহৰহ অশান্তি দিয়া কাৰ্য্য।
the act or an instance of harassing, or disturbing, pestering, or troubling repeatedly.