কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিক্ষিপ্তbikṣiptaAdjective
যি ছিটিকি পৰিছে; যিহক দলিওবা হৈছে।
- বিক্ষুব্ধbikṣubdhaAdjective
উত্তেজিত; আলোড়িত
agitated
- বিক্ষেপিতbik.khe.pi.toProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- বিক্ৰমশালীbik.rom.xa.liProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বিক্ৰমীbik.ro.mProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বিক্ৰীতAdjective
বিক্ৰয় কৰা; বেচা; ধনলৈ সলনি কৰা
sold
- বিকৰুবাbikarubāAdjective
বেচিবৰ নিমিত্তে কৰা বা সজা; ঘৰুবাকৈ বা নিজে ব্যবহাৰ কৰিবলৈ নকৰা; অলপ নৰম বা বেয়াকৈ কৰা
intended for sale; of somewhat inferior quality
- বিকৰুৱাbi.ko.ru.waProper Adj.
বেহা-বেপাৰ, বাণিজ্য আদিৰ সৈতে জড়িত।
connected with trade, commerce or merchants.
- বিকৰ্ষিতbi.kor.xi.toProper Adj.
যিটো আঁতৰাই পঠিওৱা হৈছে ৷
Something that has been moved back by force or influence.
- বিকৱতbikawataAdjective
স্বভাব পৰিবৰ্ত্তন হোবা
changed from the natural state
- বিখ্যাতbikhyātaAdjective
প্ৰসিদ্ধ; প্ৰখ্যাত; সকলোবে ভালকৈ জনা
famous; celebrated
- বিগতbigataAdjective
অতীত
past
- বিগলিতbigalitaAdjective
দ্ৰবীভূত; যি গলি গৈছে।
- বিগুণbiguṇa
দুৰ্গুণ; দোষ
bad quality; fault
- বিগঢ়ীbigaṛhīAdjective
আগঢ়ী; কুশ্ৰী; কুৰূপ
ugly
- বিগৰ্হিতbigarhitaAdjective
অতিশয় নিন্দনীয়; অতি অধম
greatly censured; low; vile
- বিঘ্ননাশক
গণেশৰ এটা নাম
a name of Ganeśa
- বিঘ্নহৰAdjective
বিঘিনি হৰণ কৰা বা গুচোবা।
- বিঘ্নিতbigh.ni.toVerbal Adj.
(এক চলি থকা ক্ৰিয়া, প্ৰণালী, অৱস্থা আদি), যি বন্ধ হৈছে বা বন্ধ কৰি দিয়া হৈছে
caused or made a break in the continuity or uniformity of (a course, process, condition, etc.).
- বিচক্ষণbicakṣaṇaAdjective
পাৰ্গত
skilful