কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকাল বোধনo.kal bo’.dhanVerbal Noun
অসময়ত জগোৱা
The rousing of a deity at an unusual hour or time
- অকাল-প্ৰসূতo.kal-pro.xu.toVerbal Adj.
সময়তকৈ আগতে অৰ্থাৎ অকালতে জন্ম পোৱা
born prior to the expected time; untimely born
- অকাৰণতo.ka.ro.notAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অকাৰণতেo.ka.ro.no.teAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অকাৰণেo.ka.ro.neAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অকাৰ্য্যকাৰিতাo.kar.jyo.ka.ri.taVerbal Noun
কাৰ্য্যকাৰিতা বা সফলতাৰ অভাৱ
lack or absence of results or success
- অকুণ্ঠ-চিত্তেo.kun.tho-sit.teAdverb
অনিষ্ট কৰিব/হব বুলি চিন্তা নকৰাকৈ
without worrying of being harmed
- অকৃতo.kritVerbal Adj.
যিটো কৰা হোৱা নাই বা সমাপ্ত কৰা হোৱা নাই৷
what has not been carried out or completed
- অকৃতকাৰ্য্য হo.kri.to.kar.jyo hoVerb-Intran.
অপৰিপূৰ্ণতা বা অভাৱ প্ৰমাণিত কৰা; অকাৰ্য্যকৰীভাৱে বা অনুপযুক্তভাৱে কাৰ্য্য কৰা
to prove deficient or lacking; perform ineffectively or inadequately
- অকৃতজ্ঞ হo.kri.to.gyo hoVerb-Trans.
উপকাৰীৰ শলাগ নল
to be ungrateful or ingrate
- অকৃত্ৰিমভাৱেo.kri.tim.bha.beAdverb
সাধুতাৰে সৈতে বা কোনো কৃত্ৰিমতা নোহোৱাকৈ
in an honest manner
- অকৃপণভাৱেo.kri.pon.bha.beAdverb
খোলা মনেৰে বাধা নোপোৱাকৈ কৰা ৷
In a free manner without any hurdle.
- অক্লান্তভাৱেo.klan.to.bha.beAdverb
ভাগৰ নলগাকৈ বা সকলো দুখ-ভাগৰ হেলাৰঙে সহ্য কৰি
not being tired or fatigue
- অক্লেশেAdverb
without trouble; easily
- অক্ষি ঘুৰ্ণিত কৰ্o.khyi ghur.nit korVerb-Intran.
to roll the eyes up as an expression of anger.
- অক্ষোভেakṣobheAdverb
ক্ষোভ বা চঞ্চলতা নোহোবাকৈ; নকঁপাকৈ; নিঃশঙ্কভাবে; খকজা নলগাকৈ
without hesitation; fluently
- অক্ষৰে অক্ষৰেakṣare, akṣareAdverb
অলপো অন্যথা নকৰি; সম্পূৰ্ণকে
entirely; literally
- অকৰ্তৃত্বশীলo.kor.tri.two.xilVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- অকৰ্ত্তৃত্বশীলo.kor.tri.two.xilVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- অগত্যাagatyāAdverb
অন্য গতি বা উপায় নথকাত; বাধ্য হৈ; উপায় নেপাই
having no other means or alternative; being compelled