কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বংশাৱলীbong.xa.bo.liAbstract Noun
উপৰিপুৰুষ আৰু বংশ-ইতিহাসৰ অধ্যয়ন বা অনুসন্ধান
The study or investigation of ancestry and family histories.
- বংশীbaṃśīNoun
বাঁহী
a flute
- বংশীধৰbong.xi.dhorProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- বইচ-বাইচbois-baisVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- বইচ্-বাইচbaic-bāicaNoun
ঠোটা-মোজা; বাচ্যাবাচ্যি; মুখ-চুপতি; যেনে-"পাচে ঠাকুৰৰে বচ্বাচ্ কৰি ঘৰৰ ৰখিয়া গুচাই আনিলে" (বুৰঞ্জী)
a slight oral dispute or exchange of hot words; altercation
- বইনাbaināNoun
কোনো বস্ত্ত কিনিবৰ বন্দবস্ত হ'লে সেই বস্ত্ত আনক বেচিব নোবৰাকৈ আগেয়ে দি ৰখা অলপীয়া ধন
earnest money
- বইলাৰboi.larMaterial Noun
বাষ্প ইঞ্জিনৰ ভাপকোঠালী, তাপীয় শক্তি প্ৰকল্পৰ এক মুখ্য অংশ|
part of a steam engine where steam is produced, a main part of a thermal power industry.
- বওঁতাNoun; Feminine
বওঁতী।
- বকbakaNoun
বগলী।
- বক-ধাৰ্মিকbaka-dhārmikaNoun
ভণ্ড
a cheat
- বক-ধাৰ্ম্মিকbaka-dhārmmikaNoun
ভণ্ড
a cheat
- বক-পঞ্চমীbaka-pañcamīNoun
কাতি মাহৰ শুক্লা একাদশীৰপৰা পাঁচ দি
five days commencing from the eleventh lunar day of the bright half of Kārttika
- বক-ফুলbaka-phulaNoun
ছিৰলী ছিৰলী পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ আৰু তাৰ ফুল
a kind of flower; Sesbenia grandiflora
- বকচিচ্bok.sisAbstract Noun
প্ৰতিযোগিতা, চিঠিখেল আদিত লাভ কৰিব পৰা এটা বস্তু।
Something that can be won in competition, lottery, etc.
- বকছিছbakachichaNoun
পুৰস্কাৰ
a reward
- বকটাbakaṭāNoun
বখলা; চেপেটা বা পাতল বস্ত্তৰ খণ্ড
a scale; a flat portion
- বকটুbakaṭuNoun
বাঁহ বা বেতৰ দৈৰ বুকুৰ বা ভিতৰৰ ভাগ
the inner part of a bamboo or cane strip which is scraped away
- বকনিbo.ko.niAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- বকবকbok.bokAbstract Noun
অতিমাত্ৰা কথা কোৱা স্বভাৱ
excessively talkative nature
- বকবকনিbok.bo.ko.niAbstract Noun
অতিমাত্ৰা কথা কোৱা স্বভাৱ
excessively talkative nature