কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘটিghaṭiNoun
একদণ্ড বা দুই দণ্ড কাল; যেনে -"নিতে সাত ঘটিঃ বেলা হৈলে পিতৱঃ যোগাইবোঁ আনি আধাৰ" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
a short space of time
- ঘটিকাghaṭikāNoun
সৰু ঘট।
- ঘটিৰাম বাতিৰামgho.ti.ram ba.ti.ramCommon Noun
এখন সমাজ বা এটা সম্প্ৰদায়ৰ সাধাৰণ মানুহবিলাক।
ordinary people in general of a society or community.
- ঘটীghaṭīNoun
এবিধ জলৰ পাত্ৰ
a small water pot with a neck
- ঘটী-যন্ত্ৰghaṭī-yantraNoun
নাদৰ পানী তোলা ডিঙিত জৰী লগোবা কলহ বা পাত্ৰ
a vessel with a rope attached for drawing water
- ঘটোত্কচghaṭotkacaNoun
হিড়িম্বা ৰাক্ষসীৰ গৰ্ভত জন্মা ভীমৰ পুতেক
the son of Bhima by a woman of the tribe of Kirātas
- ঘটোৎকচgho.to’t.kosProper Noun
<font size="4">ঘটোৎকচ মহাকাব্য মহাভাৰতৰ মতে হিড়িম্বা ৰাক্ষসীৰ পৰা হোৱা ভীমৰ পুতেক। মহাভাৰতত আধা ৰাক্ষস হোৱা স্বত্তেও তেওঁক মৰমিয়াল আৰু দয়ালু হিচাবে চৰিত্ৰায়ণ কৰা হৈছে|<br>আধুনিক বুৰঞ্জীবিদসকলৰ মতে ঘটোৎকচ আচলতে অসমৰ এজন কছাৰী বীৰ আছিল|ঘটোৎকচ যাদুবিদ্যাত পাৰ্গত আছিল বাবে বহুতে তেওঁক অসমৰ মায়ঙৰ লগত জড়িত কৰিব বিচাৰে|<br>২০০৭ চনত ঘটোৎকচৰ বিষয়ে এখন এনিমেছন কথাছবি বনোৱা হৈছে|
One of the mythical characters of the epic Mahabharata. Even though he was a demon, he was affectionate and kind. Being the son of the Bheema and the demoness, Hidimbaa, he was a half demon. From his mother he learnt all the arts of the demons and from his father he inherited an affectionate and chivalrous temperament. He was an invaluable ally to the Pandavas in times of trouble, and appeared before them whenever they though of him.As of 2007, <b>Sun Animatics India</b> is producing an animation movie on the story of Ghatotkacha <i>(see image)</i>.
- ঘট্ঘটনিNoun
ঘট্ঘট্ কৰা কাৰ্য্য; অক. ধা. ঘট্ঘটা।
- ঘট্ঘট্ghaṭghaṭNoun
সৰহ বস্ত্ত লৰি বা জোকাৰ খাই পৰস্পৰ খুন্দা খালে হোবা শব্দ; বস্ত্তৰ পৰস্পৰ আঘাতৰপৰা উঠা শব্দ; . কৱদ
an imitative word used to express the sound produced by mutual hitting of several things
- ঘট্মট্ghaṭmaṭNoun
খুন্দা-খুন্দি; দন্দৰপৰা হোবা আহুকাল; বিবাদ
clashing; conflict; trouble caused by a quarrel
- ঘণ কাণ্ডCommon Noun
উদ্ভিদৰ মাটিৰ তলত থকা মঙহাল, শকত কাণ্ড, যেনেঃ ওল
an enlarged, fleshy, bulblike base of a stem, as in the crocus
- ঘণ্টMaterial Noun
ভাৰতীয় আহাৰৰ ঘন জুলীয়া ভাগ
The gravy content of an Indian dish
- ঘণ্টকghaṇṭakaNoun
কন্দল; গোলমাল
quarrel; trouble
- ঘণ্টাghaṇṭā
টিলিঙা
a bell
- ঘণ্টা-কৰবীৰghaṇṭā-karabīraNoun
টিলিঙাৰ আকৱতি আৰু হালধীয়া বৰণৰ এবিধ ফুল
a kind of flower or its tree
- ঘণ্টাকৰণghaṇṭākaraṇaNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে আৰু সৰু সৰু হালধীয়া ফুল ধৰা এবিধ ফুলৰ গছ
a kind of flower or its tree; crolalavia retusa
- ঘণ্টাকৰ্ণghaṇṭākarṇaNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে আৰু সৰু সৰু হালধীয়া ফুল ধৰা এবিধ ফুলৰ গছ
a kind of flower or its tree; crolalavia retusa
- ঘনghanaNoun
মেঘ
cloud
- ঘন অৰণ্যghon o.ro.nyoCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- ঘন কোণgho.no ko`nAbstract Noun
সাধাৰণ সমতল কোণৰ ত্ৰৈমাত্ৰিক ৰূপ।
The three dimensional analogue of general plane (2D) angle.