কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকথিতo.ko.thi.toProper Adj.
মুক্তভাৱে প্ৰকাশ নকৰা উক্তি, তথ্য বা ৰহস্য ৷
Something that has not been disclosed yet.
- অকথ্যAdjective
অকথনীয়; অবচনীয়
unspeakable
- অকপটakapaṭaAdjective
কপট নথকা; সৰল; হিংসাশূন্য
honest; sincere
- অকপটীo.ko.po.tiProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- অকপটীয়াo.ko.po.ti.yaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- অকম্পমানakampamānaAdjective
নকঁপা; নিৰ্ভয়; বুকু-ডাঠ; সাহসযুক্ত
unshaken; brave
- অকম্পিতakampitaAdjective
নকঁপা; নিৰ্ভয়; বুকু-ডাঠ; সাহসযুক্ত
unshaken; brave
- অকম্প্ৰo.kom.priProper Adj.
অত্যধিক অস্থিৰতা নোহোৱা বা উত্থান-পতন নোহোৱা।
without too much disturbance or ups and downs.
- অকলakalaAdjective
একমাত্ৰ; কেবল; লগ নথকা, সহায় নথকা
single; lonely; helpless
- অকল-কতীয়াAdjective
লগ-সঙ্গ ভাল নোপোবা; স্বাৰ্থপৰ; ।
unsocial, selfish
- অকলংকo.ko.long.koProper Adj.
কলংক বা চেকা নথকা
having no black-spot or bad name.
- অকলকতীয়াo.kol.ko.ti.yaProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- অকলঙ্কakalaṅkaAdjective
চেকা বা মল নথকা; নিৰ্ম্মল; নিষ্কলঙ্ক,
spotless; clean
- অকলশৰakalaśaraAdjective
লগ-সঙ্গ নথকা; . ক্ৰি. বিণ. অকলশৰে।
having no company or party
- অকলশৰীয়াAdjective
লগ-সঙ্গ নোহোবাকৈ থকা
living alone
- অকল্পনীয়o.kol.po.ni.yoProper Adj.
যিটোৰ বিষয়ে কল্পনা কৰা বা ভবাও অসম্ভৱ
Impossible to visualize or imagine
- অকল্পিতo.ko.pi.toVerbal Adj.
ঘটিব বা হ’ব বুলি চিন্তা নকৰা বা নভবা
not framed in a thought or thoughts
- অকাঁৰীakām̐rīAdjective
তুঁহ, মল নুগুচোৰা। নিকা নকৰা (চাউল)
uncleaned
- অকাজ-ভাগীakāja-bhāgīAdjective
কামৰ অযোগ্য; একো নজনা; অকামিলা; লবাছ; অবাল-চন্দ
ignorant; useless; worthless
- অকাজভাগীo.kaj.bha.giProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.