কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাৰৈProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District.
- খাৰ্চাkhārcāNoun
অলপ খাৰৰ সোবাদ থকা
having an alkali taste
- খাৰ্ছাইkhārchāiNoun
বেশ্যা।
- খাৱনkha.wonVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- খাৱৈkha.woiMaterial Noun
মাটিত থকা দীঘল দ খাল ।
A long narrow excavation in the earth.
- খিংখিঙনিkhiṅkhiṅaniNoun
কুকুৰৰ দৰে গেঙেৰি দি কোবা কথা; খং কৰি কোবা কথা
an angry or surly speech
- খিকিন্দালিkhikindāliNoun
হাঁহি-মাতি কৰা ৰং-ধেমালি
mirth; merriment
- খিক্ খিক্khik, khikNoun
মুখ চেপি ধৰি হাঁহিলে যেনে শব্দ হয় তেনে শব্দ; খিল্খিল্
imitative word used to express the sound of a restrained laugh
- খিচkhicaNoun
জন্ত্তৰ মূৰ আৰু গোবৰ মিহলি হৈ হোবা বোকা
dirt; mud or filth formed or urine and dung
- খিচমিচkhis.misMaterial Noun
খাদ্য পৰিবেশন কৰিবলৈ ব্যৱহাৰ কৰা শুকান আঙুৰ; সাধাৰণতে পায়স, ক্ষীৰ, ৰসমালাই আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ।
A grape of any of various sweet varieties dried in the sun or by artificial means, often used in cookery.
- খিচা-গীতkhicā-gītaNoun
যোৰা-নাম
jocular marriage songs
- খিচিংkhicimNoun
ইটাৰ ভটাত জুই লগোবা লাহি দীঘল লাগনী খৰি
thin long fire-wood for lighting fire in a brick kiln
- খিচিৰিkhiciriNoun
চাউল, মাহ, ঘিউ, মচলা আদি একেলগে সিজোবা খাদ্য
food prepared by cooking together rice, pulse and ghee
- খিচিৰি ভাতkhi.si.ri bhatMaterial Noun
চাউল আৰু দাইল একেলগে ঘিঁউ বা তেলত মছলা আদি দি সিজোৱা আহাৰ৷ কেতিয়াবা চাউল দাইলৰ লগত আলু বা আন পাছলিও দিয়া হয়৷
mixture of rice and daal (sometimes with potato and other vegitables) cooked together with ghee/oil and spices.
- খিচিৰীkhi.si.riVerbal Noun
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
the product of a mixing process.
- খিচুৰিkhicuriNoun
চাউল, মাহ, ঘিউ, মচলা আদি একেলগে সিজোবা খাদ্য
food prepared by cooking together rice, pulse and ghee
- খিছ্মিছ্khichmichNoun
শুকান ফল-বিশেষ।
- খিটকালAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- খিতাপkhitāpaNoun
উপাধি
a distinctive appellation
- খিতিং-খাতাংkhitim-khātāmNoun
দুটা সৰু টান বস্ত্তৰ খুন্দা বা যুঁজ খোবাৰপৰা হোবা শব্দ; সামান্য দন্দ-কাজিয়া
a slight dispute or quarrel