কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাৰ্ধক্যজনিতbar.dho.kyo.jo.ni.toProper Adj.
বৃদ্ধ অৱস্থাৰ সৈতে জড়িত বা বুঢ়া হোৱাৰ কাৰণে হোৱা৷
of or belonging to old age or aged persons.
- বাৰ্ষিকbārṣikaAdjective
এবছৰৰ মূৰত হোবা; বছৰেকীয়া
annual
- বিংশতিতমbing.xo.ti.tomProper Adj.
২০ নম্বৰ বা ২০ সংখ্যক
Pertaining to the no. 20, esp. the years of a century, like twentieth year, etc.
- বিকটbikaṭaAdjective
দেখিলে ভয় লগা
terrible; hideous
- বিকটা
অক. সক. ধা. মুখ বিকৱত হ বা কৰ্
to distort, as the face
- বিকটাকাৰNoun
ভয় লগা আকৱতি; বিকৱতি
having a horrible form
- বিকম্পিতbikampitaAdjective
অতিশয়কৈ কঁপা।
- বিকলbikalaAdjective
অসম্পূৰ্ণ; ঘূণীয়া; বিকৱত; অচল
defective; deformed; paralysed
- বিকলাংগbi.ko.lang.goProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- বিকলাঙ্গbikalāṅgaAdjective
অঙ্গহীন
devoid of a limb
- বিকলেন্দ্ৰিয়bi.ko.len.dri.yoProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- বিকশbikaśaAdjective
ফুলি মেলা খোবা; প্ৰস্ফুটিত; বিকশিত; বিকশিত ফুলা; প্ৰস্ফুটিত
blown; expanded, as flowers
- বিকশিতbi.ko.xi.toProper Adj.
সময়ৰ সৈতে পৰিৱৰ্তন হৈ আকাৰ, আকৃতি আদিৰ বৃদ্ধি হোৱা নতুবা বেছি ব্যৱহাৰযোগ্য হোৱা ৷
Being changed over time so as to be stronger or more complete or more useful.
- বিকাশশীলbi.kax.xilProper Adj.
অৰ্থনৈতিক বা কাৰিকৰী দিশত অনগ্ৰসৰ অৱস্থাৰ পৰা উন্নয়নৰ দিশে গতি কৰা বা উন্নয়নৰ ফালে আগবাঢ়ি যোৱা৷
(of a nation or geographical area) having a standard of living or level of industrial production well below that possible with financial or technical aid; not yet highly industrialized.
- বিকাৰগ্ৰস্তbi.kar.gros.toProper Adj.
মানসিক বা শাৰীৰিক বৃদ্ধি লেহেমীয়া হোৱা
relatively slow in mental or emotional or physical development
- বিকাৰীAdjective
পৰিবৰ্ত্তনশীল; মায়াৰে আবৱত
changeable; liable to illusion
- বিকীৰ্ণbikīrṇaAdjective
বিক্ষেপিত; সিঁচৰতি
scattered
- বিকৃতbik.ri.toProper Adj.
পৰিৱৰ্তন হৈ নিজৰ স্বকীয়তা হেৰুৱাই অবনমন হোৱা ৷
Formed or shaped other than something`s original or normal form.
- বিকৃতমস্তিষ্কbi.kri.to.mos.tis.koProper Adj.
মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
Suffering from a mental disorder resulting in abnormal behavior
- বিকেন্দ্ৰীকProper Adj.
কেন্দ্ৰীভূত নহয়; কোনো কেন্দ্ৰ নথকা
not centered; having no centre.