কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আলম বিলমকৈa.lom bi.lom.koiAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity
- আলম্ভa.lom.bhoVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- আলাই-আথানি কৰ্a.lai a.tha.ni korVerb-Trans.
Fail to care for or not paying any attention
- আলাপ কৰ্a.lap korVerb-Trans.
সাধাৰণ মাতেৰে শব্দ উলিয়াই (কথা ক)
To utter words or articulate sounds with the ordinary voice
- আলাপ-আলোচনা চলাa.lap-alo`.so.na so.laVerb-Trans.
কোনো বিষয় সম্পৰ্কে গভীৰ আৰু বিশদভাৱে কথা পাত্
to talk seriously about sth in length
- আলাসতেAdverb
অলপতে; অনায়াসে; সহজে
easily
- আলাহুদাকৈa.la.hu.da.koiAdverb
যথোপযুক্ত মনোযোগ নিদিয়াকৈ
without paying due attention
- আলিংগনa.ling.gonVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.
- আলিঙ্গন কৰ্a.ling.gon korVerb-Trans.
হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
to cling closely, especially by holding by hands.
- আলিবলিকৈa.li.bo.li.koiAdverb
আনৰ প্ৰভাৱ বা নিয়ন্ত্ৰণ নোহোৱাকৈ
without being influenced or controlled by others
- আলু তোল্Transitive verb
নিসঁচ কৰ্; সমূলি নষ্ট কৰ্; ভঁটি উঠা বা তোল্
to destroy totally
- আলুবে- পোখাইAdverb
সমূলে বা সম্পূৰ্ণৰূপে; আলু আৰু পোখাই সৈতে
with root and branch; completely
- আলুৱে-পোখাইa.lu.we-po`.khaiAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- আলে-জালেāle-jāleAdverb
অবাবত; অসাৰ্থকত; মিছাকৈ; যেনে-"নেনা আয়ু আলে-জালে, কেতিক্ষণে ধৰে কালে" (দশম)
uselessly
- আলেঙে আলেঙেāleṅe, āleṅeAdverb
অচৰলৈ নগৈ আঁতৰৰপৰা; নিলগৰপৰা; গোপনে; ভিতৰি; মনে মনে
from a distance; secretly; unobservedly
- আলেঙে-আলেঙেa.le.nge-a.le.ngeAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- আলোকপাতVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- আলোকপাত কৰ্Verb-Trans.
প্ৰধান বৈশিষ্টসমূহ দেখুৱাই দে, গুৰুত্ব দে৷
to indicate or bring forth the important parts
- আলোকপ্ৰদa.lo`k.prodVerbal Adj.
পোহৰাই তোলা বা আলোকিত কৰা
enlightening, illuminated with light
- আলোকসজ্জাa.lo`k.xoj.jaVerbal Noun
কৃত্ৰিম পোহৰেৰে (মঞ্চ আদি) সজোৱা কাৰ্য্য
the craft of providing artificial light