কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সত্ৰাধিকাৰxot.ra.dhi.karCommon Noun
বৈষ্ণৱ সত্ৰ একোখনৰ মুৰব্বী বা মূল গুৰুজন।
the chief or the main guru of a vaisnavite sattra, a monastery.
- সত্ৰীয়া নৃত্যxo.tri.ya nri.tyoProper Noun
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ সত্ৰসমূহত সৃষ্টি কৰা সত্ৰীয়া নৃত্য অসমৰ ধ্ৰুপদী নৃত্যৰ অন্তৰ্গত ৷ ইয়াত তিনিটা অঙ্গ থাকে - গুৰু বন্দনা, ৰামদানি আৰু গীত অভিনয় ৷ গুৰু বন্দনা আৰু ৰামদানি কোনো সঙ্গীত নোহোৱাকৈ পৰিবেশন কৰা হয় আনহাতে গীত অভিনয় হ’ল শিশু কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাৰ্যৰ অভিনয় ৷ এই নৃত্যৰ প্ৰাথমিক অঙ্গ হ’ল ইয়াৰ মাটি আখৰা ৷ ইয়াৰ সঙ্গীত আৰু নৃত্য ৰাগ, গীত আৰু খোল-তাঁলৰ সংযোগত পৰিবেশন কৰা হয় ৷
Sattriya dances, a classic dance of Assam, was introduced by Srimanta Shankar Dev to propagate religion. It has three parts - guru vandana, Ramdani and geet abhinaya. Guru vandana and Ramdani is performed without any music remain immune to the modern-day invasions. The geet abhinaya is based on the childhood tales of Lord Krishna. The basis training begins with Mati Akharas which are basic exercises of the dance. The music in the dance mostly depends upon the khol and cymbals, supporting raga and other songs.
- সত্কাৰxot.karAbstract Noun
যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
Attentive assistance or treatment to those in need
- সতৰsataraNoun
সাত অধিক দহ
seventeen
- সতৰঞ্চিxot.ron.siMaterial Noun
নানা বৰণীয়া কপাহী দলিচা।
a multi-coloured floor covering made of cotton.
- সতৰিsatariNoun
"সত্তৰ" চোবাঁ।
- সতৰীsatarīNoun
কথকী তিবোতা; লেল্-পেল্ নিছিগা কথা কৈ খকা তিৰী
a garrulous woman
- সতৰ্কতাxo.tor.ko.taAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগতা
the state of being alert against a possible danger
- সতৰ্কতাৱলম্বনxo.tor.ko.ta.wo.lom.bonAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগতা
the state of being alert against a possible danger
- সতৰ্কবাণীxo.tor.ko.ba.niAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে আগতীয়াকৈ দিয়া তথ্য বা পৰামৰ্শ।
information or advice of a possible danger.
- সদনsadanaNoun
গৱহ; ঘৰ; বাসস্হান
a house; a residence
- সদস্যsadasyaNoun
সভ্য; সভাত যোগ দিয়া লোক; . সদাই ক্ৰি. বিণ. সদায়
a member ; always
- সদস্যপদxo.dos.yo.podAbstract Noun
কোনো দল, সংগঠন আদিৰ সদস্য হোৱা৷
the state of being a member of some institution, group etc.
- সদাকালsadākālaNoun
সৰ্ব্বতি কাল; বাৰেওটি কাল
all time; eternity
- সদাগতিsadāgatiNoun
যি সদায় গতি কৰে বা চলি থাকে; বতাহ; বায়ু
air; wind
- সদাগৰsadāgaraNoun
মহাজন; ডাঙৰ কাৰবাৰ কৰা বেপাৰী; সাউদ; . বিণ. সদাগৰী সদাগৰৰ; সদাগৰ-সম্পৰ্কীয়
a merchant ; relating to a merchant
- সদাচাৰsadācāraNoun
সজ ব্যবহাৰ; শুচি-অশুচি ভালকৈ বিচাৰ কৰি কৰা আচৰণ; সজ আচাৰ; . বিণ. সদাচাৰী।
pious conduct; virtuous or good usages
- সদাচৰণxo.da.so.ronAbstract Noun
ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।
the quality of showing good manners toward others, as in behavior, speech, etc.
- সদানন্দsadānandaAdjective
সদায় আনন্দত থকা; আনন্দময়
always joyful
- সদালাপsadālāpaNoun
সজ কথাৰ আলোচনা।