কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেৰাpherāNoun
উৰু
the thigh
- ফেৰিpheriNoun
বাটে বাটে ঘুৰি ফুৰি বস্ত্ত বেচা কাৰ্য্য।
- ফেৰিবালাpheribālāNoun
ঘূৰি ফুৰি বস্ত্ত বেচোঁতা
hawker
- ফেৰিয়া-ফেৰিpheriẏā-pheriNoun
অৰিয়া-অৰি; প্ৰতিযোগিতা
rivalty; competition
- ফেৰিৱালাphe.ri.wa.laCommon Noun
ঘৰে ঘৰে বস্তু বেচি ফুৰা বেপাৰী
A trader who sells goods form door to door.
- ফেৰুবাpherubāNoun
ফেউ ফেউ শব্দ কৰি মতা শিয়াল।
- ফেৰুৱাphe.ru.waCommon Noun
আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কুকুৰ-সদৃশ এবিধ স্তন্যপায়ী জন্তু।
Any of several doglike mammals of the genus Canis of Africa and southern Asia that are mainly foragers feeding on plants, small animals, and occasionally carrion. Kingdom: AnimaliaPhylum: ChordataClass: MammaliaOrder: CarnivoraFamily: CanidaeGenus: Canis
- ফেৰেংগাদাওphe.reng.ga.douProper Noun
মেদিনী চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Medini Choudhury. Published by Naba Kalita, Kiran Publication, Ratanpur, Dhemaji.
- ফেৰেঙণিphereṅaṇiNoun
একে ঠাইৰপৰা বেলেগ হৈ যোবা দুটা ডালৰ এটা
one of two branches forking out
- ফেৰেস্তাpherestāNoun
আল্লা-প্ৰেৰিত দূত।
- ফেৰেহাpherehāNoun
বৰালী, গাগল আদি মাছৰ টোটোলা
the crop of a fish
- ফেৰ’ম’নNoun
ফেৰ’ম’ন
ফেৰ’ম’ন
- ফে’চবুকphes.bukProper Noun
অন্তৰ্জালৰ মাধ্যমেৰে সমূহীয়া ভাবে পুৰণি সামাজিক সম্বন্ধ, বন্ধুত্ব অটুত ৰাখিবলৈ আৰু নতুন সম্বন্ধ/বন্ধুত্ব সৃষ্টি কৰাত সহায় কৰা এটা ৱেবচাইট৷ ১৩ বছৰৰ ওপৰৰ লোক ইয়াৰ সদস্য হব পাৰে৷
a social networking website that helps developing e-relationship/friendship with new people and e-reuniting with people you already know. Launched in 2004, this site is operated and owned by Facebook, Inc. and its membership is open to anybody above 13 years of age.
- ফে’লfe`lAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- ফৈদphaidaNoun
একেজন আদি পুৰুষৰপৰা বঢ়া লোকসকল; বংশ; গোত্ৰ
a family or clan
- ফৈৰামphairāmaNoun
দালাল
a broker
- ফোঁ ফোঁphom̐, phom̐Noun
বতাহ বলাৰ নিচিনা শব্দ।
- ফোঁচ্ ফোঁচনিpho~s.pho~.so.niAbstract Noun
টানকৈ উশাহ লোৱা বা সাপৰ শব্দ
a hissing sound like the one made by snake, esp. one made in disapproval
- ফোঁচ্, ফোঁচ্ ফোঁচ্phom̐c, phom̐c, phom̐cNoun
সাপৰ দৰে শব্দ
a sound like that of hard breathing or the hissing of a snake
- ফোঁটpho’~tMaterial Noun
ধৰ্মীয় বা সংস্কৃতিক কাৰণত কপালত অকাঁ গোলাকাৰ চিহ্ন৷
A religious or traditional mark drawn on the forehead