কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চপেতাso.pe.taCommon Noun
a fruit bearing medium size evergreen tree resembling to lichu tree. Its fruits look like a smooth-skinned round potatoo.
- চপ্চপনিNoun
চপ্চপ্ কৰা কাৰ্য্য।
- চপ্চপ্capcapNoun
দ্ৰব বস্ত্ত পিওঁতে হোবাৰ দৰে শব্দ; জুলীয়া বস্ত্ত জিভাৰে চেলেকি খাওঁতে হোবা শব্দ
an imitative word used to express the sound as that of sucking a liquid thing
- চপ্পলcappalaNoun
এবিধ চটি জোতা।
- চপয়capaẏaNoun
পৰস্পৰে মিল হোবা চাৰি ফাকিৰ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তব
a prayer in a metre of four feet
- চপয়াcapaẏāNoun
পৰস্পৰে মিল হোবা চাৰি ফাকিৰ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তব
a prayer in a metre of four feet
- চপৰাcaparāNoun
পৱথিবীৰপৰা কাটি বেলেগ কৰা এডোখৰ মাটি
a clod of earth
- চপৰাণিNoun
বহুত চপৰা থকা ঠাই; দলিয়নি
a place full of clods of earth
- চফcaphaNoun
এবিধ মচলা; গুবামৰি।
- চফাcaphāAdjective
পৰিষ্কাৰ; নিৰ্ম্মল
clean
- চফাৰিcaphāriNoun
[বি. সুপাৰি] খাবলৈ শুকাই ৰখা গোটা তামোল
dry arecanut
- চফৰcapharaNoun
ভ্ৰমণ
touring; journey
- চবAbstract Noun
বহু বস্তুৰ সকলোবোৰ
all of a collection of many
- চবকাcabakāNoun
গৰু-ম'হৰ মুখত আৰু খুৰাত বা হোবা ৰোগ
a foot and mouth disease of cattle
- চবিয়ঁতীso.bi.yo.tiCommon Noun
নাও বাই নিয়া লোক, নাও-চলোৱা মানুহ ।
A person who provides transport buy boat.
- চবিয়ালcabiẏālaNoun
যি ব'ঠা চবিয়াই নাও বাই যায়।
- চবুৰcaburaNoun
অপেক্ষা
waiting
- চবৰcabaraNoun
চৰ; যেনে-"ভুকু লাঠি কিল মাৰে চবৰ" (কীৰ্ত্তন)
a slap on the cheek
- চবৰিcabariNoun
ছাল; যেনে-"এহি মৱগ চবৰিত বসিবা কমন" (মা. ক., অৰণ্যকাণ্ড)
skin; hide
- চভিয়াcabhiẏāNoun
ইন্দ্ৰিয়
an organ of sense