কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শান্তীśāntīNoun
সতী তিৰোতা
a chaste woman
- শান্তী-ধৰ্মNoun
সতী তিৰোতাৰ ধৰ্ম; সতীত্ব
chastity
- শান্তী-ধৰ্ম্মNoun
সতী তিৰোতাৰ ধৰ্ম; সতীত্ব
chastity
- শান্তীধৰ্মAbstract Noun
পূৰ্বতে কাৰো সৈতে যৌন সম্পৰ্ক নোহোৱা অৱস্থা (স্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য)।
The state of not having sexual relation ever before.
- শান্ত্বনাxan.to.naAbstract Noun
দুখ, দুৰ্ভাগ্য বা বিপদৰ সময়ত সকাহ দিবলৈ বুজোৱা কাৰ্য্য।
comfort in sorrow, misfortune, or trouble; alleviation of distress or discomfort.
- শান্দিল্যxan.di.lyoCommon Noun
পৌৰাণিক ভাৰতৰ এজন ঋষি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
An ancient Indian sage. Now-a-days, a general title.
- শাপxapAbstract Noun
কাৰোবাৰ বা কিহবাৰ দুর্ভাগ্য কামনা কৰি কৰা প্ৰাৰ্থনা
An appeal or prayer for evil or misfortune to befall someone or something
- শাপান্তNoun
শাপৰ ফল ভোগ কৰা কালৰ শেষ; শাপৰ ফলৰপৰা হোবা মুক্তি
the end of the period during which the evil consequence of a curse lasts
- শাবকśābakaNoun
পোবালি; চলিব বা উৰিব পৰা জন্ত্ত বা চৰাইৰ পোবালি
a yound one, as of bird or animal
- শাব্দিক্śābdikNoun
শব্দৰ মূল, অৰ্থ, লিঙ্গ আদি জনা লোক
an etymologist
- শামুকśāmukaNoun
টান খোলা বা বাহৰ ভিতৰত থকা এবিধ পানীত থকা জন্ত্ত [ইয়াৰ কেইবাজাতিও আছে; যেনে- বখলীয়া (বাহটো দুবখলা হয়), নেগুৰীয়া (দীঘলীয়া); গৰু-চকুবা, লেধাই বা লাই (পাছৰ দুবিধ ঘূৰণীয়া); ইয়াৰ শুকান খোলা পুৰি চূণ কৰে।]
a small; a shell in general
- শামুকভঙাśāmukabhaṅāNoun
ক'লা পাখি, বগা বুকু, দীঘল ঠোঁট আৰু ঠেং থকা বক জাতিৰ এবিধ পানীত চৰা চৰাই
a kind of wading bird
- শামুকীয়াśāmukīẏāNoun
গোৰোবাৰ ছালৰ ভিতৰত হোবা এবিধ খহু
a kind of sore at the bottom of the heel
- শামুকীয়া গাঁঠিśāmukīẏā, gām̐ṭhiNoun
বেতৰ সূত মেৰাই মেৰাই শামূকৰ আকৱতিৰ নিচিনা ঘূৰণীয়াকৈ দিয়া বেতৰ গাঁঠি
a kind of knot resembling a conch shell in appearance
- শাম্বśāmbaNoun
জাম্ববতীৰ গৰ্ভ-জাত শ্ৰীকৱষ্ণৰ এজন পুত্ৰ
a son of Krsna
- শালśālaNoun
পোলোঙা আৰু ওখ ডাঙৰ এবিধ সুকাঠী গছ [ইয়াৰ কাঠ অলপ ক'লা বৰণৰ আৰু বৰ টান।]
the sāl tree; Shorea robusta
- শাল-কলীয়াśāla-kalīẏāNoun
এবিধ বনৰীয়া ওখ-ডাঙৰ আওকাঠী গছ, দেখিবলৈ মাছ-কাঁইট আৰু হাতী-কেৰেণাৰ নিচিনা [কাঠ অলপ ক'লা ধৰণৰ।]
a kind of forest tree; Jlex Godajan
- শাল-দৰিকণাxal-do.ri.ko.naCommon Noun
a tropical freshwater fish found in Sri Lanka, Nepal, and the India. This species grows to a maximum length of 6 inches (15 cm), making it one of the largest of the danionins. They are characterized by a blue and yellow torpedo shaped body with gray and clear fins.
- শাল-ধুনাśāla-dhunāNoun
"ধূনা" চোবাঁ।
- শাল-পতিxal.po.tiCommon Noun
পত্নীৰ বায়েক বা ভনীয়েকৰ গিৰীয়েক ।
The husband of a wife's sister.