কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন-ধনীয়াbon-dho.ni.yaCommon Noun
ধনিয়া শাকৰ দৰে গোন্ধোৱা এবিধ বন-শাক৷ ইয়াৰ পাত দীঘল আৰু কাঁইট থকা৷
Eryngium foetidum is a tropical perennial and annual herb in the family Apiaceae. It is native to Mexico and South America but is cultivated worldwide. In the United States, where it is not well known, the name culantro sometimes causes confusion with Coriandrum sativum (also in Apiaceae), the leaves of which are known as cilantro, and which culantro is even said to taste like. It used extensively in Thailand, India, Vietnam, and other parts of Asia as a culinary herb. This variety of coriander dries well, retaining good color and flavor, making it valuable in the dried herb industry. It is sometimes used as a substitute for cilantro, but it has a much stronger taste.
- বন-নহৰুbana-naharuNoun
নহৰুৰ পাতৰ নিচিনা কিন্ত্ত তাতকৈ বহু দীঘল আৰু বহল অলপ কজলা-চানেকীয়া পাতেৰে এবিধ মুকলি হাবিত গজা বন
a species of wild lily; Lilis ceoe Allium
- বন-পচলাbana-pacalāNoun
সৰু দীঘলীয়া পাতেৰে এবিধ মজলীয়া আকাৰৰ নিচেই কোমল আওকাঠী গছ
a kind of forest tree
- বন-পিঠাbana-piṭhāNoun
"কল-মৌ" চোবাঁ।
- বন-পিয়াঁজbon-pi.ya~jCommon Noun
সৰু পিঞ্জৰ সমান গছ মাটিৰ তলত বগা লিখাটোক সমান গুটি লাগে পৌৰাণিক যুগৰ পৰাই ইয়াক দৰব হিচাবে ব্যৱহাৰ কৰি আহিছে৷
plants of this species are found globally from Tropical Africa to Myanmar. In India, it is found throughout the plains and in the dry hills of the lower Himalayas . It uses as medicine dats back to sixth century before Christ, e.g; Oxymel of Squill, used for coughs, was invented by Pythagoras.
- বন-পূবৈbana-pūbaiNoun
সৰু সৰু পাতেৰে এবিধ বনৰীয়া পূবৈ (ঔষধত লাগে)।
- বন-প্ৰহৰী বিষয়াCommon Noun
A security official responsible to safe guard a forest territory.
- বন-ফুলbana-phulaNoun
বনৰীয়া ফুল; হাবিত আপুনি হোবা ফুল
wild flower
- বন-ব'ৰাগীbana-ba'rāgīNoun
ঘৰত নেথাকি যেনি পায় তেনি ব'ৰাগী মানুহৰ দৰে ঘূৰি ফুৰা লোক
a vagabond
- বন-বগৰীbana-bagarīNoun
বগৰী গছৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ আৰু দীঘল পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Pterosperomum lancifolium
- বন-বাসীAdjective
হাবিত থকা
living in the forest
- বন-বাৰিbana-bāriNoun
কাম-কাজ; ঘৰুবা কাম; গৱহস্হৰ কৰিব লগা কাম
work; business; employment ; household work
- বন-বিহাৰীbon-bi.ha.riProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- বন-বিৰালীbana-birālīNoun
বনৰীয়া মেকুৰী
a wild cat
- বন-বোন্দাbana-bondāNoun
বনৰীয়া মেকুৰী
a wild cat
- বন-ভোজbana-bhojaNoun
ঘৰৰপৰা দুৰৰ বন বা হাবিত ভোজ সবাহ খাই কৰা আমোদ
picnic
- বন-মধুৰিbana-madhuriNoun
এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Lepionurus oblongifolia
- বন-মলাbana-malāNoun
গছ-মাহুদিৰ নিচিনা এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree
- বন-মানুহbana-mānuhaNoun
নেজ নথকা এবিধ ডাঙৰ জাতৰ বান্দৰ
an Orangoutang
- বন-মেথীbana-methīNoun
মেথী জাতিৰ এবিধ বনৰীয়া বন
a kind of herb; Trifolium indicum