কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাবিচta.bisMaterial Noun
এবিধ বস্তু যি মানুহৰ বাবে ভাগ্য কঢ়িয়াই আনিব পাৰে অথবা ধাৰণ কৰোঁতাজনক বিপদৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।
an object believed to bring good luck or to keep its owner safe from harm.
- তাবিজtābijaNoun
ঔষধ ভৰাই পিন্ধা বিৰি; ৰক্ষাকবচ
a charm; an amulet
- তাবৈtābaiNoun
সমনীয়া বা সখিৰ বাপেক
a friend's father
- তামtāmaNoun
এবিধ পিঙ্গল-বৰণীয়া ধাতু; তাম্ৰ
copper
- তামচাAbstract Noun
হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
something that provides mirth or amusement; the act of giving pleasure
- তামসীtāmasīNoun
ৰাতি; এন্ধাৰ ৰাতি; টোপনি; দুৰ্গাৰ এটা উপাধি
night; dark night; sleepl an epithet of Durgā
- তামাকাঁহাtāmākām̐hāNoun
তমোময় বা ত্ৰাস লগোবা কাৰ্য্য
any violent or disastrous act
- তামাচাtāmācāNoun
খেল বা ৰং; ধেমালি
sport; amusement; pastime
- তামাছাtāmāchāNoun
খেল বা ৰং; ধেমালি
sport; amusement; pastime
- তামাবিলta.ma.bilProper Noun
ভাৰত পাকিস্থান সীমান্তত থকা মেঘালয়ৰ এখন সৰু চহৰ৷ ইয়াতেই দুখন পাহাৰৰ মাজত থকা দলঙে দুয়ো দেশক সংযোগ কৰিছে৷
Tamabil is atown in Syllat district of Bangladesh. It is on the border of India Bangladesh.Dawki-Tamabil is one of the few road border crossings between India and Bangladesh.
- তামিলtāmilaNoun
দক্ষিণ ভাৰতত চলিত এটা ভাষাৰ নাম
the Tamil language of South India
- তামিলনাডুta.mil.na.duProper Noun
তামিলসকলৰ গৃহভূমি৷ ভাৰতৰ এখন ৰাজ্য৷
Tamil Nadu ( The Land of Tamils or Tamil Country) is one of the 29 states of India. Its capital is Chennai (formerly known as Madras), the largest city.
- তামিস্ৰtāmisraNoun
এখন নৰকৰ নাম; যেনে-"পৰধন পৰপুত্ৰ ভাৰ্ষ্যা যিটো হৰে। তামিস্ৰ নৰকে দুখ ভুঞ্জি সিটো মৰে" (অনাদি-পাতন)
one of the hells
- তামীtāmīNoun
পূজা আদিত ব্যবহাৰ কৰা এবিধ তামৰ বাটি
a copper cup used in religious worship
- তামীঘৰাtāmīgharāNoun
তম্বু।
- তামুলCommon Noun
তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷
The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant.
- তামুলিফুকনta.mu.li.phu.konCommon Noun
ৰজা, অথবা উচ্চ অভিজাত ঘৰৰ, গৃহস্থালিৰ কাম কাজ চোৱা বিষয়া
a servant, attendant, or subordinate official in a royal or other great household
- তামুলীtāmulīNoun
ডাঙৰ মানুহৰ তামোল কাটি দিয়া মানুহ; তামোল-কটা; ; মুছলমানৰ দৰা-ধৰা লোক।
an attendant who prepares and serves betelnut
- তামুলী-চ'ৰাNoun
ডাঙৰ মানুহৰ বাহিৰৰ চ'ৰা-ঘৰ
a drawing room
- তামুলী-চ’ৰাta.mu.li so’’.raMaterial Noun
আলহী অভ্যৰ্থনাৰ কাৰণে ব্যৱহাৰ কৰা ঘৰৰ সমুখৰ কোঠা।
a front room used to entertain guests.