কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘোচgho’sAbstract Noun
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
Money or gift given or taken in return of undue favour
- ঘোচ-ঘাচgho’s-ghasAbstract Noun
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
Money or gift given or taken in return of undue favour
- ঘোচাghocāNoun
মুকুটি; মুঠিৰে মুখত কৰা আঘাত
a blow with clenched fist on the face
- ঘোচামghocāmaNoun
চেবা গছৰ আঁহ; যেনে-"ভাৰ্য্যা হ'ল ঘোচামৰ জৰী"
fibre of the wild knot
- ঘোটghoṭaNoun
ঢোক; ঢোকা; একে শোহাতে যিমান পানী বা জুলীয়া বস্ত্ত গিলা যায়
a draught of liquid
- ঘোটকghoṭakaNoun
ঘোঁৰা
a horse; a pony
- ঘোটকাghot.kaMaterial Noun
চকা নুঘুৰিবলৈ চকাৰ তলত দিয়া টুকুৰা (কাঠ আদি)৷
a wedge to prevent a wheel from rolling.
- ঘোটকীCommon Noun
ঘোঁৰা বা ঘোঁৰাজাতীয় জন্তুৰ পোৱালি; সাধাৰণতে এবছৰ নোহোৱা পোৱালি ৷
The young offspring of a horse or other equine animal, especially one under a year old.
- ঘোটনgho`.tonVerbal Noun
জুলীয়া বস্তু কোনো সঁজুলিৰে লৰোৱা কাৰ্য্য
the act of agitating a liquid with an implement
- ঘোটনীghoṭanīNoun
কুঁহিয়াৰৰ পগোবা ৰস ঘুটি গুৰ কৰা এডাল বাঁহৰ তিনি- চুকীয়াকৈ এচলা কামি লগাই লোবা মাৰি
a bamboo rod for beating or stirring boiled sugar-cane juice into gur
- ঘোটনী মাৰিgho`.to.ni ma.riMaterial Noun
কুঁহিয়াৰৰ পগোৱা ৰস ঘুঁটি গুৰ তৈয়াৰ কৰা এডাল বাঁহৰ তিনি-চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি।
a bamboo rod for beating or stirring boiled surgarcane juice (syrup) during preparation of molasses or treacle.
- ঘোটাghoṭāNoun
ঢোক; ঢোকা; একে শোহাতে যিমান পানী বা জুলীয়া বস্ত্ত গিলা যায়
a draught of liquid
- ঘোট্ ঘোট্ghoṭ, ghoṭNoun
বেগাই বেগাই সৰহকৈ পানী গিলোঁতে হোবা শব্দ
an imitative word used to express the sound produced when one gulps water
- ঘোপghopaNoun
চাৰিওফালে ঢকা সৰু এন্ধাৰ ঠাই
a small dark place
- ঘোপাghopāAdjective
তললৈ বা ভিতৰলৈ সোমোবা (চকুত)
sunken
- ঘোপা চাৱনিgh`.pa sa.wo.niVerbal Noun
খং বা বিৰক্তি প্ৰকাশ কৰোঁতে চেলাউৰি কোঁচ খোৱা কাৰ্য্য |
A facial expression of dislike or displeasure.
- ঘোলgholaNoun
পানী বা জুলীয়া বস্ত্তত মিহলোবা বা মথা পাতল বোকাৰ নিচিনা বস্ত্ত; লেউ-লেবা বস্ত্ত
something like thin mud or jelly
- ঘোলনিgholaniNoun
কুঁহিয়াৰৰ পগোবা ৰস ঘুলি গুৰ কৰা এবিধ নাবৰ নিচিনা কাঠৰ পাত্ৰ
a boat-shaped wooden vessel for reducing boiled sugar-cane juice into gur by stirring
- ঘোলনি- মাৰিNoun
চাট; কুঁহিয়াৰৰ পগোবা ৰস ঘোলনিত লৈ তাক তপতে তপতে ঘুলি গুৰ কৰা গোটা বাঁহৰ মাৰি
a bamboo rod for stirring boiled sugar-cane juice into gur
- ঘোলনীgho`.lo.niMaterial Noun
গৰু-ম’হ আদি ঘৰচীয়া জন্তুক দানা দিয়া মুকলি কাঠৰ দীঘল চৰিয়া৷
a trough or box of carved stone or wood construction used to hold food for animals.