কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গল-ৰিচনীgala-ricanīNoun
গৰু, ম'হ আদিৰ ডিঙিৰ তলত ওলমি থকা ছাল
the dew lap of cattle
- গলকণ্ঠিgalakaṇṭhiNoun
গলপতা।
- গলগণ্ডgalagaṇḍaNoun
গঁৰল; ডিঙিৰ আগফাল ডাঙৰ হোবা ৰোগ
the goitre
- গলগি সংঘgol.gi xong.ghoMaterial Noun
পাতল, মিহি আৱৰণযুক্ত আৰু সমান্তৰালভাৱে এটাৰ ওপৰত আন এটাকৈ সজ্জিত কেতবোৰ নলীকা অথবা থালৰ নিচিনা মোনাৰে গঠিত অংগিকা, যি কোষৰ কেতবোৰ নিঃসৰণীয় দ্ৰব্য সাঁচি ৰাখে আৰু নিঃসৰণ কৰে ৷
an organelle, consisting of layers of flattened sacs, that takes up and processes secretory and synthetic products from the endoplasmic reticulum and then either releases the finished products into various parts of the cell cytoplasm or secretes them to the outside of the cell
- গলগ্ৰন্থিgo.lo.gron.thiAbstract Noun
One of the two small lumps of tissue at the back of the throat
- গলগ্ৰহgalagrahaNoun
কলগ্ৰহ; কষ্টদায়ক অথচ এৰিব নোবৰা বস্ত্ত; হাড়মাল; ডিঙিৰ ডোল
an incumbrance; something burdensome
- গলঢাপলিgalaḍhāpaliNoun
গলৰিচনী; গৰু, ম'হ আদিৰ ডিঙিৰ তলত ওলমি থকা চাল-চটা"
the dew lap of cattle
- গলঢাপৰিgalaḍhāpariNoun
গলৰিচনী; গৰু, ম'হ আদিৰ ডিঙিৰ তলত ওলমি থকা চাল-চটা"
the dew lap of cattle
- গলদgaladaNoun
গলগ্ৰহ; জঞ্জাল; বিপদ
encumbrance; trouble; misfortune
- গলধনgaladhanaNoun
ডিঙিৰ পাছৰ ফাল; ঘাৰ
the back of the neck
- গলধনীয়া-খোপাNoun
গলধনলৈকে ওলমি পৰা চুলিৰ খোপা।
- গলধাgaladhāNoun
কুঁহিয়াৰ শালৰ ভীমৰ ডিঙিত (ফুলৰ তলত) চেপা মাৰি ধৰি, ভীম দুটা লগ লগাই খিয় কৰি ধৰি ৰখা কাঠৰ যতন
a horizontal wooden framework which holds up right and keeps in position the rollers of an Assamese sugarcane mill
- গলধুৰিgol.dhu.riMaterial Noun
ডিঙিৰ যি অংশৰ দ্বাৰা শব্দ উচ্চাৰিত হয়
The part of the neck that generates sound.
- গলধূৰিgaladhūriNoun
কণ্ঠ
the throat
- গলনgo.lonVerbal Noun
তাপৰ প্ৰভাৱত গোটা বস্তু এটা জুলীয়া হোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or the process of becoming liquefied by warmth or heat
- গলনাংকgo.lo.nang.koAbstract Noun
প্ৰামাণিক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত এটা কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ ৰূপান্তৰ হয়
the temperature at which a solid becomes a liquid at standard atmospheric pressure
- গলনাঙ্কgo.lo.nang.koAbstract Noun
প্ৰামাণিক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত এটা কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ ৰূপান্তৰ হয়
the temperature at which a solid becomes a liquid at standard atmospheric pressure
- গলপতাgalapatāNoun
এমহা, আদমহা, ছৰতীয়া আকাৰৰ সোণ বা ৰূপৰ চাকলি কিছুমান গাঁঠি তিৰোতাই ডিঙিত পিন্ধা মণি
a necklace
- গলফুলাgol.phu.laAbstract Noun
পাষ্টুৰেল্লা মাল্ট’চিদা নামৰ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত গৰু-ম’হৰ শৰীৰত দেখা দিয়া এক মহামাৰী ৰোগ
an epidemic disease of cattle and buffalo caused by a bacterial species, Pasteurella multocida
- গলবন্ধাgalabandhāNoun
গামোচাৰ নিচিনা ঠেক দীঘল ডিঙিত মেৰাই লোবা এবিধ কাপোৰ
a comforter