কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণ্ঠাভৰণkon.tha.bho.ronMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠালkaṇṭhālaNoun
কঁঠাল।
- কণ্ঠিkaṇṭhiNoun
মুনিহে ডিঙিত পিন্ধা এধৰীয়া মণি; হাৰ
a necklace worn by a man
- কণ্ঠীkaṇṭhīNoun
মুনিহে ডিঙিত পিন্ধা এধৰীয়া মণি; হাৰ
a necklace worn by a man
- কণ্ঠীমালাkaṇṭhīmālāNoun
ইষ্ট দেবতাৰ নাম জপ কৰা ডিঙিত পিন্ধা মালা।
- কণ্ঠৰূদ্ধkon.tho.rud.dhoVerbal Noun
(১) কথা কোৱাৰ অধিকাৰ বা প্ৰতিবাদৰ অধিকাৰ কাঢ়ি নিয়া, (২) মুখৰ মাত বন্ধ কৰা, টেঁটুচেপা দিয়া, উশাহ-নিশাহত বাধা দিয়া
(1) stripping the right to speak or protest, (2) not allowing to breath
- কণ্ঠৰোধkon.tho.rodhVerbal Noun
(১) কথা কোৱাৰ অধিকাৰ বা প্ৰতিবাদৰ অধিকাৰ কাঢ়ি নিয়া, (২) মুখৰ মাত বন্ধ কৰা, টেঁটুচেপা দিয়া, উশাহ-নিশাহত বাধা দিয়া
(1) stripping the right to speak or protest, (2) not allowing to breath
- কণ্ডমিনিয়ামMaterial Noun
বিভিন্ন বিলাসী সুবিধা থকা বহুস্তৰীয় আৱাসগৃহৰ সমষ্টি
an apartment complex with various luxurious amenities.
- কণ্ডাৰkaṇḍāraNoun
নাবৰ গুৰিয়াল।
- কণ্ডিয়াkaṇḍiẏāNoun
গাখীৰ খীৰোবা বাঁহৰ চুঙা; কঁৰীয়া।
- কণ্ডুkaṇḍuNoun
খজুবতি
itching irritation
- কণ্ডূkaṇḍūNoun
খজুবতি
itching irritation
- কণ্ডূয়নkaṇḍūẏanaNoun
খজুওবা কাৰ্য্য; খজুবতি।
- কণ্ঢাৰkaṇḍhāraNoun
নাবৰ গুৰিয়াল।
- কণ্বkaṇbaNoun
এজন মুনিৰ নাম; শকুন্তলাৰ তোলনীয়া পিতৱ
the name of a sage
- কণ্মৌkaṇmauNoun
কণ্মৌ।
- কণ্যাস্নেহko.nya.snehAbstract Noun
নিজৰ জীয়েকৰ প্ৰতি থকা মৰম, ভালপোৱা৷
the love, attachment for one's daughter.
- কতkataAdverb
কিমানকৈ; কি পৰিমাণে
how much; to what extent
- কত কিkata, kiPronoun
বহুবিধৰ অসংখ্য বস্ত্ত বা বিষয়
so many; so much
- কতকkatakaNoun
অনিশ্চিত বহু লোক বা বস্ত্ত; কত; যেনে-"কতক খাম আৰু আমনি লাগিছে"
how many; how much