কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শান্তনুকুলনন্দনxan.ta.nu.ku.lo.non.donProper Noun
পুৰৱী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Purabi Bormudoi. Published by Pradyut Hazarika on behalf of Banalata, New market, Dibrugarh.
- শান্তনৱxan.to.no.boProper Noun
মহাভাৰতৰ অন্যতম শক্তিশালী চৰিত্ৰ৷ তেওঁ কৌৰৱ-পাণ্ডৱ উভয়ৰে ককাক আছিল৷ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ সেনাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১২৬ বছৰ৷ তেওঁ নিজৰ পিতৃৰ স্বাৰ্থত ওৰেটো জীৱন অবিবাহিত হিছাপে অতিবাহিত কৰিছিল৷
One of the strongest characters of the Mahabharata. He was the grandfather of both the Pandavas and the Kauravas. Bhishma, who was Commander-in-Chief of the Kaurava forces in the Mahabharata war, was 126 years old at the time. He lived a pure celibate life, making a great sacrifice for the sake of his father.
- শান্তমনীCommon Noun
কোনো অপৰাধত লিপ্ত নথকা ব্যক্তিবিশেষ ৷
Someone not guilty of a particular crime.
- শান্তাśāntāNoun
দশৰথ ৰজাৰ কন্যা [এওঁক লোমপাদ ৰজাই তুলি লয় আৰু ঋষ্যশৱঙ্ঘ মুনিত বিয়া দিয়ে।]।
- শান্তিśāntiNoun
স্হিৰতা; নিৰল অবস্হা
quietness
- শান্তি বিয়াxan.ti bi.yaVerbal Noun
ছোৱালী প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত নোৱাই গা ধুওৱা কাৰ্য্য ৷
the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenia.
- শান্তি হোৱাxan.ti ho`.waAbstract Noun
ছোৱালীৰ প্ৰথম ৰাজস্বলা হোৱা অৱস্হা ৷ সাধাৰণতে ১২ বছৰ বয়সত ছোৱালীৰ কন্যাকাল প্ৰাপ্তি হয়৷ যাৰ দ্বাৰা এজনী ছোৱালীয়ে সন্তান জন্ম দিয়াৰ ক্ষমতা লাভ কৰে ৷
First Menstruation of a young girl. It is one of the later stages of puberty in girls. By which a girl capable of sexual reproduction of offspring: in common law. The average age of menarche in female is 12 years, but it is looks normally anywhere between ages 8 and 16 years.
- শান্তি-কৰ্মxan.ti-kor.moCommon Noun
গ্ৰহাদিৰ কুফল আঁতৰ কৰিবলৈ হিন্দুসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান।
a religious ceremony performed by Hindus to dispel the evil influence of the planets.
- শান্তি-কৰ্ম্মśānti-karmmaNoun
আপদ বা দুখ গুচাবলৈ কৰা দেবতাৰ পূজা
a propitiatory rite to avert evils
- শান্তি-ধামAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- শান্তি-পানীMaterial Noun
যিকোনো তীৰ্থস্থান বা পবিত্ৰ স্থানৰ পৰা অনা পানী৷
water taken from any of the holy placess.
- শান্তি-পৰ্বśānti-parbaNoun
শৰ-শয্যাত পৰি থকা ভীষ্মই যুধিষ্ঠিৰ ৰজাৰ কোবা নানা সজ উপদেশ আৰু কাহিনী-পূৰ্ণ মহাভাৰতৰ এটা ভাগ
a canto of the Mahābhārata
- শান্তি-পৰ্ব্বśānti-parbbaNoun
শৰ-শয্যাত পৰি থকা ভীষ্মই যুধিষ্ঠিৰ ৰজাৰ কোবা নানা সজ উপদেশ আৰু কাহিনী-পূৰ্ণ মহাভাৰতৰ এটা ভাগ
a canto of the Mahābhārata
- শান্তি-বিয়াśānti-biẏāNoun
বিয়া দিয়া ছোবালীক প্ৰথম ঋতু পোবাৰ পাছত স্বামীৰ ঘৰলৈ নিয়াৰ সময়ত পবিত্ৰ পানীৰে শান্তি কৰা কাৰ্য্য; পাছ-বিয়া
a ceremony by which a minor married girl is formally accepted by the husband after her attaining puberty and before the consummation of the marriage
- শান্তিজলxan.ti.jolMaterial Noun
মন্ত্ৰোচ্চাৰণেৰে পবিত্ৰ কৰা পানী
sacred water used to consecrate something
- শান্তিনিকেতনxan.ti.ni.ke.tonProper Noun
পশ্তিমবংগৰ বোলপুৰৰ ওতৰৰ এখন গাঁও৷ কবিগুৰু ৰবীন্দ্ৰনাথৰ আশ্ৰম আৰু বিশ্ববিদ্যালয়ৰ বাবে বিখ্যাত৷
A small town near Bolpur in the Birbhum district of West Bengal, It is famous for Rabindranath Thakur`s Ashram and university.
- শান্তিবাদAbstract Noun
বিবাদ নিষ্পত্তিৰ মাধ্যম হিচাপে যুদ্ধ আৰু হিংসাৰ নীতিগত বিৰোধিতা
The principled opposition to war and violence as a means of settling disputes.
- শান্তিবাদীCommon Noun
বিবাদ নিষ্পত্তিৰ মাধ্যম হিচাপে যুদ্ধ আৰু হিংসাক বিৰোধিতা কৰা লোক৷
someone opposed to war and violence as a means of settling disputes.
- শান্তিহীনAbstract Noun
ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা
the character of not being able to focus or be stationary due to fear or anxiety
- শান্তিয়নীśāntiẏanīNoun
শান্তি কৰা পানী; "শান্তি" চোবাঁ।