কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মদাৰmadāraNoun
গাত কাঁইট থকা আৰু ডাল কাটি ৰুলে গছ হোবা এবিধ ওখ ডাঙৰ গছ [ইয়াৰ কাঠ অতি কোমল; ইয়াৰ দুজাতি-ৰঙা- মদাৰ ইয়াৰ ৰঙা ফুল আৰু বগা-মদাৰ ইয়াৰ গোমোঠা বগা ফুল ধৰে; ৰগা বিধৰ ছালৰ ৰস জহনী ৰোগত উপকাৰী।]
the Indian coral tree; Erythrine indica
- মদিৰাmadirāNoun
মদ; সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor
- মদিৰালয়Material Noun
সুৰাজাতীয় পাণীয় পৰিবেশন কৰা বিপণী
A place where alcoholic beverages are served.
- মদেমmo.demMaterial Noun
(কম্পিউটাৰৰ দৰে) সঁজুলিয়ে সৃষ্টি কৰা সংকেত আন এক সঁজুলিয়ে (যেনে: টেলিফোন) গ্ৰহণ কৰিব পৰা সংকেতলৈ পৰিৱৰ্ত্তিত কৰা এক সঁজুলি
a device that converts signals produced by one type of device (as a computer) to a form compatible with another (as a telephone)
- মদ্দাCommon Noun
কম বয়সীয়া,ছবছৰৰ পৰা ওঠৰ বছৰৰ ভিতৰৰ ল`ৰা বা ছোৱালী।
young person between the age of 6 to 18 years.
- মদ্যmadyaNoun
মদ; সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor
- মদ্যপানmo.dyo.panVerbal Noun
অভ্যাসগত ভাৱে আৰু বেছিকৈ সুৰা বা মদ পান কৰা
habitual and excessive consumption of alcohol
- মদৰ দোকানmo.dor do`.kanMaterial Noun
সুৰা ৰখা বা বেচা কিনা কৰা দোকান ৷
A shop that store intoxicating liquors and sales local or english wine.
- মদৱাৰিmo.do.wa.riMaterial Noun
ৰগ-উঠা বা ঋতু-উঠা হাতীৰ কুমৰ পৰা ওলোৱা ৰস বা নিঃসৰণ৷
the discharge or secretion exuding from the temples of an elephant in rut.
- মধাmadhāNoun
"মুঠা" চোবাঁ।
- মধাইmadhāiNoun
মাধৈ-লতা; মাধৈ-মালতী।
- মধুmadhuNoun
মৌ
honey
- মধু গ্ৰন্থিMaterial Noun
মধু নিঃসৰণ কৰা (উদ্ভিদৰ) গ্ৰন্থি
gland of a plant that secretes nectar
- মধু পূৰ্ণিমাmo.dhu pur.ni.maAbstract Noun
ভাদ মাহৰ পূৰ্ণিমাত পৰা বৌদ্ধ উৎসৱ৷বিশ্বাস সেই দিনটোতে বান্দৰসকলে গৌতম বুদ্ধক মৌ দান কৰিছিল৷
Literally `honey full-moon`, is a Buddhist festival. It occurs on the day of the full moon in the Assamese month of Bhadro (August/September).
- মধু মালতিCommon Noun
a vine with red flower clusters which is native to tropical Asia.
- মধুকান্তmodhu.kan.toMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- মধুকালmo.dhu.kalAbstract Noun
অসমীয়া বৰ্ষচক্ৰ অনুসৰি চ’ত-বহাগ মাহৰ এটা ঋতু বা কাল ৷
A season which falls in the month of March to May. It comes in the last and first month of Assamese calendar year.
- মধুকোষmadhukoṣaNoun
মৌ-কোঁহ; ৰহধৰা
honey- comb
- মধুকৰmadhukaraNoun
মৌ-মাখি
a bee
- মধুঘোষmo.dhu.gho`xCommon Noun
a member of the cuckoo order of birds, the Cuculiformes, which also includes such birds as the roadrunners, the anis, and couas. It is found from southern Asia, China, and into Australia. Like many cuckoos, it lays its eggs in other birds' nests.