কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন-কেচেৰুbana-keceruNoun
এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Rusbughiane
- বন-কেহেৰুbana-keheruNoun
এবিধ বনৰীয়া গছ
Casearia Varaca
- বন-কেৰেলাbana-kerelāNoun
এবিধ হাবিত এনেয়ে হোবা কেৰেলা।
- বন-কৰbana-karaNoun
গৰু ম'হ আদি জন্ত্ত চৰকাৰী বননিত চৰোবা বাবে লগোবা কৰ বা ৰাজহ
grazing tax
- বন-গছbana-gachaNoun
ক্ষুদ্ৰ গছ
a herb
- বন-গুটিbana-guṭiNoun
মাটিতে বগাই হোবা এবিধ বন [ইয়াৰ গুটি কাপোৰত সোমাই ৰয়]
the spear grass; Andropogon aciculatus
- বন-গৰুbana-garuNoun
"মেঠোন" চোবাঁ।
- বন-ঘোষাbana-ghoṣāNoun
গৰখীয়া ল'ৰাই পথাৰত গোবা আদিৰসাত্মক নাম
songs sung by cowherds in jungle
- বন-চকাbana-cakāNoun
টোকোৰা চৰাই।
- বন-চোমbana-comaNoun
চোম পাতৰ নিচিনা কিন্ত্ত তাতকৈ কিছু ডাঙৰ পাতেৰে এবিধ ওখ-ডাঙৰ সুকাঠী গছ
a kind of timber tree; Cryptocarva
- বন-জলকীয়াbana-jalakīẏāNoun
এবিধ ওখ ডাঙৰ বনৰীয়া আওকাঠী গছ
a king of forest tree
- বন-জাউৰাbana-jāurāNoun
বাট মাছ।
- বন-জালুকbana-jālukaNoun
সৰু দীঘল দীঘল পাতেৰে এবিধ এনেয়ে হোবা লতা-চানেকীয়া বন [গুটি ঔষধত ব্যবহাৰ হয়[; . (আয়ুৰ্ব্বেদীয় নাম ভূতকেশী)।
a medicinal herb
- বন-জীৰাbana-jīrāNoun
বন-তুলসীৰ নিচিনা অলপ গোন্ধ থকা বন-গছ [গুটি ঔষধত ব্যবহাৰ হয়।]
a medicinal herb
- বন-তিলbana-tilaNoun
তিল জাতিৰ এবিধ শস্য
the wild sesame; Perilla ocemoides
- বন-তিয়ঁহbana-tiẏam̐haNoun
তিয়ঁহৰ নিচিনা পাতেৰে এবিধ বাৰিষা বননিত এনেয়ে গজা লতা; গৰখীয়া তিয়ঁহ; কাঁইটং তিয় হ (আয়ুৰ্ব্বেদীয় নমে ইন্দ্ৰধাৰণী।)।
- বন-তুলসীbana-tulasīNoun
তুলসী জাতিৰ এবিধ বননিত হোবা বন-গছ
a kind of herb
- বন-থেৰেজুbana-therejuNoun
থেৰেজু গছৰ নিচিনা এবিধ ওখ ডাঙৰ আওকাঠী হাবিৰ গছ
a kind of forest tree; Randia densiflora
- বন-দেবতাbana-debatāNoun
বনৰ দেবতা
sylvan deity
- বন-দৰবbana-darabaNoun
বনৌষধি।