কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চুম্প্cumpIntransitive verb
খাপ দি; চোপা দি; যেনে-"চুম্পি ৰহি আছে সাবধানে" (বৰগীত)
to lie in wait
- চুম্বন কৰ্sum.bon korVerb-Trans.
কাৰোবাক ভালপোৱা আৰু চেনেহ যাচিবলৈ ওঁঠেৰে স্পৰ্শ কৰ
to touch somebody with lips to show love and affection
- চুম্বনৰতsum.bon.ro.toVerbal Adj.
চুমা খাই থকা বা চুম্বন কৰি থকা
being engaged in kissing each-other
- চুম্ব্cumbTransitive verb
ওঁঠেৰে চোহ্; যেনে-"পৰম মোহন বাঁশী যাক চুম্বি তোলে নাদ" (দশম)।
- চুলি খুৰাsu.li khu.raVerb-Intran.
মূৰৰ চুলি সম্পূৰ্ণৰূপে চুঁচি আঁতৰাই পেলা
to shave or remove hairs of the head
- চুলিয়াচুলিsu.li.ya.su.liVerbal Noun
এটাই আনটোৰ চুলিত ধৰি টনা কাৰ্য ৷
the act of pulling one another by the hair.
- চুৰমাৰ কৰsur.mar korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- চুৰি কৰ্su.ri korVerb-Trans.
অনুমতি বা অধিকাৰ নোহোৱাকৈ (আনৰ সম্পত্তি) লোৱা
to take (the property of another or others) without permission or right
- চুৰুণীFeminine; Transitive verb
চুৰ কৰ্।
- চূচুৰ্মৈ কৰ্su.sur.moi korVerb-Trans.
বল প্ৰয়োগ কৰি ডাঙৰ টুকুৰাৰ পৰা সৰু সৰু টুকুৰা বা গুড়িলৈ ৰূপান্তৰ কৰ্
to make small pieces or powder from a bigger piece
- চূৰ্cūrTransitive verb
চূৰ্ণ কৰ্
to break into pieces
- চূৰ্ণ-বিচূৰ্ণ কৰ্sur.no-bi.sur.no korVerb-Trans.
থেতালি বা বল প্ৰয়োগ কৰি সৰু সৰু খণ্ডত পৰিণত কৰ্
to squeeze or pound into small fragments or particles, as ore, stone, etc.
- চেঁকুৰcem̐kuraNoun
জন্ত্তৰ লৰ; ঢাপলি
the running of animal
- চেঁকুৰাTransitive verb
ঢাপলি মেলা; লৰ মৰা
to race
- চেঁকুৰ্se~.kurVerb-Intran.
to run swiftly by an animal such as Horse.
- চেঁচাcem̐cāIntransitive verb
চিয়ঁৰ্; যেনে-"কাম-বাণে ভৈলো আউল, চেঁচাই ফুৰোঁ যেন বাউল" (কীৰ্ত্তন)
to scream
- চেঁচা কৰ্se~.sa korVerb-Trans.
কম উষ্ণতালৈ নে, কিন্তু বৰফ হোৱাকৈ নহয়
to (cause to) become cold but not freeze
- চেঁচা হ্se~.sa hoVerb-Trans.
কম উষ্ণতালৈ নে, কিন্তু বৰফ হোৱাকৈ নহয়
to (cause to) become cold but not freeze
- চেঁচেৰা কোবাse~.se.ra ko’baVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- চেংচেঙাseng.se.ngaVerb-Intran.
জুয়ে বা আন তপত বস্তুৱে পোৰাৰ বাবে জ্বলন বা বেদনা অনুভৱ কৰ্
to cause to feel burning sensation