কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাইনিতালnai.ni.talProper Noun
উত্তৰাখণ্ডৰ পাহাৰীয়া চহৰ আৰু জিলা
Nainital is a popular hill station in the Indian state of Uttarakhand and headquarters of Nainital district in the Kumaon foothills of the outer Himalayas.
- নাইপিয়াnāipiẏāNoun
মাটিত বগাই ফুৰা জেঠী জাতীয় এবিধ সৰীসৱপ
a variety of lizard
- নাইলনnai.lonMaterial Noun
এবিধ বহুযোগী যৌগ, তাৰ পৰা তৈয়াৰ কৰা কৃত্ৰিম আঁহ বা বস্ত্ৰ ।
a very strong artificial material used formaking clothes,rope etc. Any of a family of high-strength, resilient synthetic polymers, the molecules of which contain the recurring amide group CONH.
- নাইৰকল্Common Noun
এবিধ তাল জাতিৰ গছ আৰু তাৰ ফল
the large, hard-shelled seed of the coconut palm, lined with a white edible meat, and containing a milky liquid.
- নাইৰোবিnai.ro`.biProper Noun
কেনিয়াৰ ৰাজধানী৷
Nairobi is the capital and largest city of Kenya. The city and its surrounding area also form Nairobi County. The name "Nairobi" comes from the Maasai phrase Enkare Nairobi, which translates to "cool water".
- নাউৰাMaterial Noun
ঘৰৰ চালৰ কাষত বৰষুণৰ পানী বৈ যাবলৈ সজা যতন।
a channel on the edge of a roof to carry off rainwater.
- নাওnāoNoun
নৌকা; তৰী
a boat
- নাওখেলnau.khelAbstract Noun
ব’ঠা মৰা বা পালতৰা নাওৰ নাও বোৱা প্ৰতিযোগিতা৷
a sporting event of races between rowing boats or sailing boats.
- নাওবাnāobāNoun
(বুৰঞ্জী) নাবৰীয়া,
boatman
- নাওবৈচাnāobaicāNoun
নাও বাওঁতা
a boatman
- নাওবৈচা ফুকনnāobaicā, phukanaNoun
পানীফুকন আৰু নাওবৈচাবিলাকৰ প্ৰধান বিষয়া
the head of the navy
- নাওশালnāośālaNoun
নাও সজা বা নাও বামত তুলি ৰাখিবলৈ কৰা ঘৰ
a house or place for building or keeping boats in
- নাওশালিnāośāliNoun
নাও সজা বা নাও বামত তুলি ৰাখিবলৈ কৰা ঘৰ
a house or place for building or keeping boats in
- নাওৰাnāorāNoun
বৰষুণৰ পানী বৈ যাবলৈ দুটা ঘৰৰ চালৰ জোৰাত ওলামাই দিয়া নাবৰ নিচিনা যতন
a gutter
- নাকnākaNoun
গোন্ধ আৰু উশাহ লোবা ইন্দ্ৰিয়
the nose
- নাক চানদাMaterial Noun
নাকত পিন্ধা অলঙ্কাৰ ।
A pendant worn at the nose.
- নাক ফুলিnak phu.liMaterial Noun
নাকত পিন্ধা অলঙ্কাৰ ।
A pendant worn at the nose.
- নাক-খেচখেচীয়াnāka-khecakhecīẏāNoun
বনৰীয়া পানীহাঁহ জাতিৰ এজাতি বগা ক'লা-পখৰা চৰাই
a kind of teal
- নাক-খেৰকুচীয়াnāka-kherakucīẏāNoun
বনৰীয়া পানীহাঁহ জাতিৰ এজাতি বগা ক'লা-পখৰা চৰাই
a kind of teal
- নাক-ফুলnāka-phulaNoun
নাকত পিন্ধা এবিধ ফুলৰ আকৱতিৰ সোণৰ অলঙ্কাৰ
a kind of ornament worn on the wing of the nose