কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘোঁকাghom̐kāNoun
কোনো বস্ত্তৰপৰা ৰোকা মাৰি নিয়া এচপৰা বা ক্ষুদ্ৰ অংশ; হাতেৰে বা ঠোঁটেৰে ৰোকা মাৰি বা কামোৰ মাৰি নিয়া এমুঠি বা একামোৰ
a small portion gouged out of anything; a handful or mouthful taken out of anything
- ঘোঁকা-জালিghom̐kā-jāliNoun
চল পাই সৰহকৈ নিয়া কাৰ্য্য
the act of taking in large quantities unjustifiably
- ঘোঁকোটাghom̐koṭāNoun
আঙুলি বা মাৰিৰে মৰা ঠেলা বা খুন্দা
a thrust made with a finger or stick
- ঘোঁকোটা-জালghom̐koṭā-jālaNoun
দুডাল টঙিত লগোবা জকাইৰ গঢ়ৰ এবিধ জাল
a kind of triangular dip-net
- ঘোঁকোৰ্ghom̐korNoun
মানুহে কাহিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of coughing or a similar hoarse sound made from the throat
- ঘোঁচgho’~sAbstract Noun
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
Money or gift given or taken in return of undue favour
- ঘোঁটনgho`~.tonVerbal Noun
(গাখীৰ বা দৈ) ঘুঁটি বা লৰাই মাখন প্ৰস্তুত কৰা কাৰ্য্য।
the act of agitating (milk or curd) in order to make into butter.
- ঘোঁটনাghom̐ṭanāNoun
বস্ত্ত ঘোঁটা পাত্ৰ; বস্ত্ত মিহি বা গুৰি কৰি মিহলোবা পাত্ৰ
a vessel where anything is powdered and mixed
- ঘোঁটনীgho`~.to.niMaterial Noun
কুঁহিয়াৰৰ পগোৱা ৰস ঘুটি গুৰ কৰা এডাল বাঁহৰ তিনি- চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি৷
a bamboo rod for beating or stirring boiled sugar-cane juice into gur.
- ঘোঁটাghom̐ṭāNoun
গাখীৰ-চেনিৰ লগত ভাং ঘুঁটি কৰা এবিধ জুলীয়া নাদক বস্ত্ত
an intoxicating drink made by mixing gānjā, sugar and milk together
- ঘোঁটা-মাৰিgho`~.ta-ma.riMaterial Noun
কুঁহিয়াৰৰ পগোৱা ৰস ঘুটি গুৰ কৰা এডাল বাঁহৰ তিনি- চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি৷
a bamboo rod for beating or stirring boiled sugar-cane juice into gur.
- ঘোঁট্ ঘোঁট্ghom̐ṭ, ghom̐ṭNoun
ঘোৰ্ঘোৰ্।
- ঘোঁৰাghom̐rāNoun
অশ্ব; ঘোটক
a horse; a pony
- ঘোঁৰা নিমgho~.ra nimCommon Noun
Persian Lilac is a deciduous tree in the mahogany family Meliaceae. Native to India, southern China and Australia. The flowers are small and fragrant, with five petals of pale purple or lilac colour. Its fruits are marble size and yellow in maturaty.
- ঘোঁৰা পোৱালিgho`.ra po`.wa.liCommon Noun
ঘোঁৰা বা ঘোঁৰাজাতীয় জন্তুৰ পোৱালি; সাধাৰণতে এবছৰ নোহোৱা পোৱালি ৷
The young offspring of a horse or other equine animal, especially one under a year old.
- ঘোঁৰা-চহিচgo`~.ra-so.hisCommon Noun
ঘোঁৰাৰ প্ৰতিপালন কৰোঁতা।
a person who takes care of horses.
- ঘোঁৰা-চোৱাgho`~.ra-so.waProper Noun
আস্তাবলত ঘোঁৰা চোৱা-চিতা কৰা লোক ।
a person whose job is to feed and take care of horses.
- ঘোঁৰা-ছহিছNoun
ঘোঁৰা ৰখা মানুহ।
- ঘোঁৰা-দৌৰNoun
ঘোঁৰা চেকুৰোবা ধেমালি; ঘোঁৰা মেলোবা খেল
a horse-race
- ঘোঁৰা-নিমghom̐rā-nimaNoun
এবিধ নিম
the Persian lilac or Bead tree