কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিৰদিনsi.ro.dinAdjective Adj.
আহিব লগা সকলো সময়ৰ বাবে
for all time to come
- চিৰদিনীয়াsi.ro.di.ni.yaProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰনতুনsi.ro.no.tunProper Adj.
নিত্য নতুন বা কেতিয়াও পুৰণি নোহোৱা৷
forever fresh or ever new.
- চিৰনবীনsi.ro.no.binProper Adj.
নিত্য নতুন বা কেতিয়াও পুৰণি নোহোৱা৷
forever fresh or ever new.
- চিৰনমস্যProper Adj.
চিৰদিনৰ বাবে শ্ৰদ্ধাৰ যোগ্য
worthy of reverence forever
- চিৰন্তনcirantanaAdjective
চিৰকলীয়া; পুৰণি কালৰপৰা থকা।
- চিৰনৱীনsi.ro.no.binProper Adj.
কেতিয়াও বুঢ়া হোৱা যেন নলগা
never looking old, continuing without weakening
- চিৰপূজ্যsi.ro.pu.jyoProper Adj.
সদায় পূজা কৰা৷
ever worshiped.
- চিৰপ্ৰচলিতsi.ro.pro.so.li.toProper Adj.
বহুকালৰ পৰা চলি অহা৷
prevailing for long.
- চিৰপ্ৰবাহমানsi.ro.pro.bah.manProper Adj.
আৱাহমান কালৰ পৰা বৈ অহা৷
flowing all the season and for years
- চিৰপ্ৰবাহিতsi.ro.pro.ba.hi.taProper Adj.
আৱাহমান কালৰ পৰা বৈ অহা৷
flowing all the season and for years
- চিৰপ্ৰৱাহমানsi.ro.pro.bah.manProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰপ্ৰৱাহিতsi.ro.pro.ba.hi.toProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰপৰিচিতsi.ro.po.ri.si.toProper Adj.
চিৰকালৰ পৰা চিনাকী৷
known for long.
- চিৰবন্দিতsi.ro.bon.di.toProper Adj.
সদায় পূজা কৰা৷
ever worshiped.
- চিৰযুগমীয়াsi.ro.ju.go.mi.yaProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰযুগীয়াsi.ro.ju.gi.yaProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- চিৰসংগীsi.ro.xong.giProper Adj.
চিৰকালৰ বাবে সহচৰ, সুহৃদ৷
constant companion.
- চিৰসঙ্গীsi.ro.xong.giProper Adj.
চিৰকালৰ বাবে সহচৰ, সুহৃদ৷
constant companion.
- চিৰসেউজsi.ro.xe.ujProper Adj.
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
trees having green leaves throughout the year