কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নষ্টনিধিত্বnaṣṭanidhitbaNoun
সম্পদহীনতা; দেবলীয়া অবস্হা
bankruptcy
- নষ্টাnos.taCommon Noun
এগৰাকী মহিলা যাৰ কোনো প্ৰভাৱশালী পুৰুষৰ লগত শাৰীৰিক সমন্ধ আছে, কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ নহয়৷ এনে মহীলাৰ সামাজিক মৰ্জদা নিম্ন৷
woman who lives and have physical relationship with a man she is not married to, and has a lower social rank than wife
- নষ্টালজিয়াnos.tal.ji.yaAbstract Noun
এৰি অহা সুখৰ দিনবোৰৰ প্ৰতি থকা আকৰ্ষণ, একপ্ৰকাৰৰ আৱেগিক অনুভৱ।
sentimentality,longing for the happy times of the past.
- নষ্টোদ্ধাৰnaṣṭoddhāraNoun
হানি পোবা বা বেয়া হোবা বস্ত্তৰ পুনৰ প্ৰাপ্তি বা সংস্কাৰ
recovery of a lost thing; repairing a thing in a state of ruin
- নস্যnasyaNoun
নাকেৰে উজোবা দৰব বা ধঁপাতৰ গুড়ি; নাচগুড়ি
snuff
- নস্যিno.syiMaterial Noun
নাকেৰে পান কৰা ধঁপাতৰ শুকান গুড়ি
Dry tobacco that is consumed nasally
- নহবতnahabataNoun
ছানাই আদি বাদ্যৰ ঐক্যতান
a concert
- নহুবnahubaNoun
এজন চন্দ্ৰবংশী ৰজা [এওঁ পুৰুববাৰ নাতিয়েক আৰু যযাতিৰ পিতৱ।]
a king of the lunar race and father of King Yayāti
- নহৰno.horMaterial Noun
বৰষুণৰ পানী অথবা অন্য পেলনীয়া পানী উলিয়াই দিবলৈ কৰা খাৱৈ৷
An open conduit or channel to carry rainwater or other waste.
- নহৰুnaharuNoun
বাম-খেতিত হোবা, আঞ্জা আৰু দৰবত ব্যবহাৰ কৰা এবিধ উগ্ৰগন্ধী মূল
garlic; allium sativum
- না-পছন্দna-po.sondAbstract Noun
কিহবাৰ প্ৰতি বিকৰ্ষণ বা ভাল নোপোৱা ভাৱ
Dislike or aversion for something
- নাঅMaterial Noun
পানীত চলাব পৰা এক বাহন, যাক এনেদৰে নিৰ্মাণ কৰা হয়, যাতে ই পানীত ওপঙি থাকে আৰু ইয়াক পানীৰ ওপৰেৰে আগুৱাই লৈ যাব পাৰি ৷
a vessel for transport by water, constructed to provide buoyancy by excluding water and shaped to give stability and permit propulsion.
- নাইnāiNoun
ওপৰ আৰু তল পেটৰ মাজ ভাগত থকা খোল বা গাঁত
the naval
- নাই-নুইNoun
সমূলি অস্বীকাৰ; একেবাৰে আসৈ মতা
complete denial
- নাই-পাখিnāi-pākhiNoun
মাছৰ নাইৰ ওচৰত থকা পাখি
the ventral fin of a fish
- নাইক্ৰ`মMaterial Noun
সাধাৰণতে ৰোধক তাঁৰ হিচাপে ব্যৱহাৰ কৰা নিকেল আৰু ক্ৰ'মিয়ামৰ মিশ্ৰণ
a family of alloys of nickel and chromium commonly used as resistance wire
- নাইজেৰিয়াnai.je.ri.yaProper Noun
আফ্ৰকাৰ এখন দেশ৷
Nigeria, officially the Federal Republic of Nigeria, is a federal constitutional republic comprising 36 states and its Federal Capital Territory, Abuja.
- নাইট্ৰজেনMaterial Noun
a colourless, tasteless odourless gaseous element that forms largest part of the atmosphere
- নাইট্ৰোজেনnāiṭrojenaNoun
বায়ুৰ এটা উপাদান; এবিধ গেছ
nitrogen ; a gas; one of the constituents of air
- নাইতাCommon Noun
নিজ পুতেক বা জীয়েকৰ পুত্ৰ৷
A son of ones son or daughter.