কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধূনাdhūnāNoun
পোলোঙা আৰু ওখ ডাঙৰ এবিধ আওকাঠী গছ [কাটিলে বা ঘা লাগিলে ইয়াৰ গাৰপৰা আৰু গুৰিত মাটিৰ তলতে স্বাভাবিকতে বহু পৰিমাণে এবিধ জাংফাই-বৰণীয়া, চনকা আৰু সুগন্ধি এঠা ওলায়; ইয়াৰ আৰু এটা উপজাতি আছে, তাক মতা-ধূনা বোলে, তাৰ এঠা নোলায়।]
a kind of resin; Canarium bengalense or Artimisia indica
- ধূনা গছdhu.na gosCommon Noun
এবিধ গছ যাৰ আঠাক ধূলা বোলা হয় আৰু কঠিন হৈ যোৱা এনে আঠা জ্বলালে সুগন্ধি ওলায় ৷
a tree from which a hydrocarbon secretion or resin is obtained. The resin gives a pleasant smell, when burnt.
- ধূপdhūpaNoun
গন্ধ দ্ৰব্যৰ গুড়ি লিপি কৰা সুগন্ধি ধোঁবা ওলোবা দীপ-শলা
incense
- ধূপকাঠীdhup.ka.thiMaterial Noun
জ্বলালে লাহে-লাহে জ্বলা আৰু সুন্দৰ সুবাসৰ সৃষ্টি কৰিব পৰা দ্ৰব্যৰে লেপন দিয়া কাঠৰ ক্ষীণ দণ্ড।
a thin wooden stick covered with a substance that burns slowly and produces a sweet smell.
- ধূপদানীdhup.da.niMaterial Noun
কোনো ধৰ্মীয় অনুষ্ঠানত ধূপ জ্বলোৱা পাত্ৰ ৷
Vessel or aperatus used for burning incense.
- ধূপলdhūpalaNoun
খৰাং বতৰ; খৰ
drought
- ধূপাধাৰdhūpādhāraNoun
ধূপৰ আধাৰ; ধূপ জলোবা পাত্ৰ
a vessel for burning incense
- ধূপাবলীdhūpābalīNoun
"দীপান্বিতা" চোবাঁ।
- ধূপালAbstract Noun
বহুদিন ধৰি বৰষুণ নোহোৱা অৱস্থা ৷
A long period of abnormally low rainfall, especially one that adversely affects growing or living conditions.
- ধূপালীdhūpālīNoun
"দীপান্বিতা" চোবাঁ।
- ধূপাৱলীdhu.pa.wo.liProper Noun
আহিন বা কাতি মাহৰ অমাৱস্যা তিথিত ঘৰ আৰু পদূলিত বহুত চাকি লগাই পতা উৎসৱ ।
Hindu festival celebrating the end of the monsoon; held in October/November of english calendar and either in Aahin or Kati month of Assamese calendar, celebrations feature lights, lamps and sometimes fireworks.
- ধূমdhūmaNoun
ধোঁবা।
- ধূমকেতনdhu.mo.ke.tonMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ধূমকেতুdhūmaketuNoun
নেজাল তৰা
comet
- ধূমধ্বজdhu.moMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ধূমপানdhum.panVerbal Noun
চুৰট বা বিড়িত জুই লগাই মুখেৰে টনা
inhalation of smoke from burned tobacco
- ধূম্ৰকেতুdhūmraketuNoun
নেজাল তৰা
comet
- ধূম্ৰপথdhūmrapathaNoun
ধোঁবা ওলাই যাবৰ বাবে দিয়া নলী
funnel
- ধূলাNoun
মিহি বালি; মাটিৰ গুড়ি
dust
- ধূলিNoun
মিহি বালি; মাটিৰ গুড়ি
dust