কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গন্ধীয়া-শালgandhīẏā-śālaNoun
আহোম ৰজাৰ দিনত ৰাজনৈতিক চিঠি-পত্ৰ, পুথি, ছনদ আদি ৰজাঘৰীয়া কাকত ৰখা ভঁৰাল
the record-store or archieve of the Ahom sovereigns
- গন্ধৰ্বgandharbaNoun
স্বৰ্গৰ গায়ন; এবিধ দেবযোনি প্ৰাণী
a singer of heaven; a demi-god
- গন্ধৰ্ব-বিবাহgon.dhor.bo-bi.bahAbstract Noun
বিশেষ কোনো ৰীতি-নীতি পালন নকৰাকৈ স্ব-ইচ্ছাৰে পতা বিয়া
a marriage by mutual consent, where no particular customs are followed
- গন্ধৰ্ব-বিয়াgandharba-biẏāNoun
এবিধ বিয়া [ইয়াত বিশেষ কোনো ৰীতি-নীতি পালন নকৰাকৈ মতা-মাইকীৰ নিজ ইচ্ছাৰে মিলন হয়।]
a form of mạrriage by mutual consent
- গন্ধৰ্ববেদgon.dhor.bo.bedAbstract Noun
চাৰিখন উপবেদৰ এখন৷ পৰিৱেশ্য কলা সম্পৰ্কীয় জ্ঞান৷
An ancient Indian treatise on the performing arts, encompassing theater, dance and music.
- গন্ধৰ্বীgandharbīNoun
গান্ধাৰীৰ বাপেক গান্ধাৰ ৰজাৰ এজনা ভাৰ্য্যাৰ নাম।
- গন্ধৰ্ব্বgandharbbaNoun
স্বৰ্গৰ গায়ন; এবিধ দেবযোনি প্ৰাণী
a singer of heaven; a demi-god
- গন্ধৰ্ব্ব-বিয়াgandharbba-biẏāNoun
এবিধ বিয়া [ইয়াত বিশেষ কোনো ৰীতি-নীতি পালন নকৰাকৈ মতা-মাইকীৰ নিজ ইচ্ছাৰে মিলন হয়।]
a form of mạrriage by mutual consent
- গন্ধৰ্ব্বীgandharbbīNoun
গান্ধাৰীৰ বাপেক গান্ধাৰ ৰজাৰ এজনা ভাৰ্য্যাৰ নাম।
- গপgapaNoun
অহঙ্কাৰ; নিজে নিজক ভাল বা ডাঙৰ বুলি ভবা
pride
- গপ-ভেমgop-bhemAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- গপচ লোকgo.pos lo`kCommon Noun
গপ, ভেম দেখুৱাই, গহীন কৈ থাকি আনৰ লগত সহজে মিলিব নোখোজা লোক।
(informal) somebody who pretends to be very serious and formal and behaves with stiff dignity.
- গপচামিgo.po.sa.miAbstract Noun
গহীন বা শান্ত-সৌম্য স্বভাৱ
the quality of being serious or solemn
- গপা-গপিgapā-gapiNoun
এজনে আন জনৰ ওপৰত অহঙ্কাৰ কৰি লগ এৰাএৰি কৰা কাৰ্য্য
mutual estrangement
- গপাগপিgo.pa.go.piAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- গপ্গপনিNoun
ভিতৰৰ পোৰণি বা তাপ; ভিতৰে ভিতৰে হোবা বা বোধ কৰা তাপ; যেনে-"তুঁহ-জুই বা জ্বৰৰ গপ্গপনি"
internal heat or burning sensation
- গপ্গপ্gapgapNoun
গাঁত বা কোনো ঢাকনিৰ ভিতৰত জুই জ্বলালে হোবা শব্দ বা তাপ
an imitative word used to express the sound and heat originating from a covered burning fire
- গবজgabajaNoun
অন্তৰত ৰখা কপট
a secret ill- will
- গবাgabāNoun
দুই বাহুৰ আঁকোবালত যিমান বস্ত্ত যায় বা ধৰে; দুই বাহু মেলি যিমান আঁকোবালি ধৰিব পাৰি সিমান বস্ত্ত; . সক. ধা. আঁকোবাল; সাবট্
as much as can be clasped between the two arms ; embrace
- গবা মৰাgo.ba moVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.