কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এনাইদেউe.nai.deuCommon Noun
মাকৰ মাক
mother of one`s mother
- এনাইদেওNoun
মাক বা বাপেকৰ মাক; বুঢ়ীআই
grandmother
- এনাগ্ৰামAbstract Noun
ভাঙি নতুনকৈ জোৰা লগোৱা শব্দৰ সমস্তি
word or sentence formed by rewriting
- এনি বেচাণ্টeni be.santProper Noun
এগৰাকী বিদুষী মহিয়সী ইংৰাজ মহিলা৷ যিসময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থানত আৰোহণ কৰিছিল, মানুহে ভাবিব পৰা সকলো সুখ স্বাচ্ছন্দ্যৰ মাজত জীৱনক পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল সেই সময়ত এইগৰাকী ব্ৰিটিছ মহিলাই সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল৷ কেৱল মানৱ সেৱাকেই জীৱনৰ ব্ৰত কৰি লোৱা এই গৰাকী বিদুষী মহিলাই সমাজৰ সকলো দিশৰ পৰা অন্ধকাৰত বাস কৰা এখন নি:স্ব সমাজৰ কল্যাণৰ হকে নিজকে বিলাই দিছিল৷
A prominent British socialist, theosophist, women`s rights activist, writer and orator and supporter of Irish and Indian self-rule. (Born: 1 October 1847, Death: 20 September 1933)
- এনিউৰিয়াNoun
এনিউৰিয়া
এনিউৰিয়া
- এনিয়নNoun
এনিয়ন
এনিয়ন
- এনুৰাe.nu.raProper Adj.
A group or bunch of stick or rod like objects bound together.
- এনেবোৰene.bourPronoun
এটা বা এজনতকৈ অধিক বস্তু বা মানুহ আদি বুজাবলৈ ব্যৱহাৰ হয়৷
the plural of 'this'; used to refer to more than one person, things etc.
- এন্-গেন্en-genNoun
খাওঁ-নেখাওঁ, কৰোঁ-নকৰোঁ কৰি অনিচ্ছা দেখুবা
hesitation; indifference
- এন্টাৰ্কটিকাen.tark.ti.kaProper Noun
কুমেৰু প্ৰদেশত অৱস্থিত এখন মহাদেশ
A continent located in the Antarctic circle
- এন্টিথ্ৰ’ম্বিনNoun
এন্টিথ্ৰ’ম্বিন
এন্টিথ্ৰ’ম্বিন
- এন্তentaPronoun
এইজন; এখতে; যেনে-"সাক্ষাত লক্ষ্মীৰ পতিঃ যিটো ভকতব গতিঃ এন্তে সেই পৰম পুৰুষ" (দশম)।
- এন্তেকালentekālaNoun
ইন্তেকাল; মৱত্যু।
- এন্দুৰen.durCommon Noun
নিগনিতকৈ ডাঙৰ, আৰু দীঘল নেজ থকা একে জাতীয় এবিধ স্তন্যপায়ী জন্তু।
any of several long-tailed rodents of the family Muridae, of the genus Rattus and related genera, distinguished from the mouse by being larger.
- এন্দূৰendūraNoun
ইন্দূৰ; মাটিৰ গাঁতত থকা এবিধ ডাঙৰ নিগনি বা শলিয়া
a rat
- এন্দূৰীয়াNoun
এন্দূৰৰ গাঁতৰ নিচিনা গাত বিন্ধা হৈ গেলি পকি যোবা ঘা; শৌচৰ দ্বাৰত এনে বেমাৰ হলে তাক পদুম- নলা বোলে
sinus
- এন্দ্ৰইডend.roidProper Noun
মূলত স্মাৰ্টফোনত ব্যৱহাৰ কৰা অপাৰেটিং চিষ্টেম৷ গুগলৰ দ্বাৰা প্ৰস্তুত।
A mobile operating system (OS) based on the Linux kernel and currently developed by Google. With a user interface based on direct manipulation, Android is designed primarily for touchscreen mobile devices such as smartphones and tablet computers, with specialized user interfaces for televisions (Android TV), cars (Android Auto), and wrist watches (Android Wear).
- এন্ধাৰendhāraNoun
আন্ধাৰ।
- এন্ধাৰিen.dha.riMaterial Noun
চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি
a coil made of straw for supporting the bottom of an earthen pot
- এপল’e.po.lo``Proper Noun
প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলৰ আৰাধ্য দেৱতা৷
an oracular God worshiped in both ancient Greek and Roman religion.