কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাহাkāhāAdverb
কালৈ
where
- কাহাঁkāhām̐Adverb
কালৈ
where
- কাহানিkāhāniAdverb
কোন সময়ত; কেতিয়া; কোনদিনা
when; on what day or time
- কাহানিওka.ha.ni.o`Adverb
কেতিয়াও নোহোৱা বুজাবলৈ ব্যৱহাৰ হয়, সদায় নেতিবাচক অৰ্থত ব্যৱহাৰ হয় |
Not ever; at no time in the past or future and it is always used in negation.
- কাহানিকৈAdverb
ইয়াৰ পাছত কেতিয়া; কেতিয়াকৈ; কেতিয়ালৈ
on what day after this
- কাহানিবাka.ha.ni.baAdverb
কোনো এক অনিৰ্দিষ্ট সময়ত ৷
At an indefinite or unstated time in future.
- কাহানিবাইAdverb
ইয়াৰ বহুত দিনৰ আগেয়ে
long before this
- কাহান্তেkāhānteAdverb
ক'ৰপৰা
whence
- কাহেkāheAdverb
ক'লৈ
where
- কাহেনুkāhenuAdverb
ক'লৈ
where
- কাহ্kahVerb-Intran.
ডিঙিৰ সুৰসুৰনি মাৰিবলৈ সশব্দে বতাহ উলিয়া
to expel air from the lungs suddenly with a harsh noise, often involuntarily.
- কাঢ়ি থkar.hi thoVerb-Trans.
পাছত ব্যৱহাৰ কৰাৰ অৰ্থে একাষৰীয়াকৈ থ; খাদ্য ৰন্ধা পাত্ৰৰ পৰা আঁতৰাই ৰাখ্
to keep or lay aside for future use
- কাঢ়্kāṛhTransitive verb
বলেৰে আনৰপৰা নি বা ল
to take by force
- কাঢ়্karhVerb-Intran.
কাৰোবাৰ পৰা বলেৰে কোনো বস্তু লৈ ল।
to take something away from a person with force.
- কায়-তপka.yo-topVerbal Noun
পূৰ্বতে কৰা কোনো অপকৰ্মৰ শাস্তি স্বৰূপে ইচ্ছাকৃতভাৱে নিজৰ শৰীৰক কষ্ট দিয়া কাৰ্য্য
voluntary self-punishment in order to atone for some wrongdoing
- কায়-মনো-বাক্যেkāẏa-mano-bākyeAdverb
শৰীৰ, মন আৰু কথাৰে; সৰ্ব্বপ্ৰকাৰে; সকলো শক্তি প্ৰয়োগ কৰি
with body, mind and speech; by all means
- কায়িকভাৱেka.yik.bha.beAdverb
ভৌতিক বা দৈহিক অৱস্থাৰ জৰিয়তে।
with regard to the physical state.
- কাৰণAdverb
গতিকে; নিমিত্তে; হেতুকে; হেতু
by reason of; because
- কাৰণ দৰ্শাka.ron dor.xaVerb-Trans.
যুক্তিৰ সহায়েৰে প্ৰতিপন্ন কৰ্
to exchange views forcefully, maintain by reasoning
- কাৰণেAdverb
গতিকে; নিমিত্তে; হেতুকে; হেতু
by reason of; because