কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনুক্ৰমেo.nu.kro.meAdverb
এটাৰ পিচত আনটো হৈ; নিয়মিত গতি অনুসৰি |
In proper order or sequence.
- অনুক্ৰোশAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- অনুকৰণ কৰ্o.nu.ka.ron korVerb-Trans.
আনে কৰা মতে কাম কৰ্
To copy someone, e.g., to mimic
- অনুগৃহীতo.nu.gri.hi.toAdverb
যাক অনুগ্ৰহ কৰা হৈছে; উপকাৰেৰে বন্ধা |
Under a moral obligation to do something.
- অনুঘটনo.nu.gho.tonVerbal Noun
এক ৰাসায়নিক প্ৰক্ৰিয়া য`ত এটা ৰাসায়নিক পদাৰ্থই প্ৰক্ৰিয়াটোক সহায় কৰে কিন্তু নিজে সলনি নহয়
the effect in which a chemical substance helps a chemical reaction without changing itself
- অনুচিতেAdverb
অযুগুতে; বিনা কাৰণে; এনেয়ে।
- অনুজ্জ্বল কৰ্o.nuj.jwol korVerb-Trans.
পোহৰৰ প্ৰাৱল্য কম কৰা
to lower the intensity of light
- অনুজ্ঞাপ্ৰাপ্তo.nu.gya.prap.toVerbal Adj.
কোনো কাৰ্য্য সাধন কৰাৰ বাবে চৰকাৰী বা অন্য কৰ্ত্তৃপক্ষৰ দ্বাৰা কৰ্ত্তৃত্ব প্ৰদান কৰা
formally permitted from a governmental or other constituted authority to do something
- অনুজ্বল কৰ্o.nuj.jwol korVerb-Trans.
কিহবাৰ উজ্বলতা কমাই দিয়া
Make darker and difficult to perceive by sight.
- অনুতাপ কৰ্o.nu.tap korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- অনুতাপিতo.nu.ta.pitVerbal Adj.
কৃতকৰ্মৰ কাৰণে দুঃখিত ।
Feeling or expressing remorse for misdeeds.
- অনুদিনonu.dinAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- অনুধাৱন কৰ্o.nu.dha.won korVerb-Trans.
প্ৰকৃত সত্য নজনাকৈ কেৱল আন্তৰিক অনুভূতি বা অন্য ইঙ্গিতৰ ওপৰত ভিত্তি কৰি সত্য বুলি ধৰি লোৱা
to assume to be true without knowing the real truth based on inner feelings or other hints
- অনুনাসিকতাo.nu.na.xi.ko.taVerbal Noun
ভাষাৰ কোনো কোনো ধ্বনি বা বৰ্ণ (স্বৰ বা ব্যঞ্জন) উচ্চাৰণ কৰোঁতে মুখেৰে নিশ্বাস নেৰি নাকেৰে উলিয়াই কৰা শব্দ৷ অসমীয়াত ঁ আৰু ং ৰ মাধ্যমেৰে ই উপলদ্ধ হয়৷ যেনেঃ কাহ আৰু কাঁহ; খং,ৰং৷ ম, ন, ঙ অনুনাসিক ব্যঞ্জন বৰ্ণ৷
articulating some sounds of language with the air escaping through the nose rather than through mouth e.g. 'ng' in 'sing'. In English vowels can become nasalized under the influence of adjoining nasal consonants, e.g. meaning.
- অনুনাসিকীভৱনVerbal Noun
ভাষাৰ কোনো কোনো ধ্বনি বা বৰ্ণ (স্বৰ বা ব্যঞ্জন) উচ্চাৰণ কৰোঁতে মুখেৰে নিশ্বাস নেৰি নাকেৰে উলিয়াই কৰা শব্দ৷ অসমীয়াত ঁ আৰু ং ৰ মাধ্যমেৰে ই উপলদ্ধ হয়৷ যেনেঃ কাহ আৰু কাঁহ; খং,ৰং৷ ম, ন, ঙ অনুনাসিক ব্যঞ্জন বৰ্ণ৷
articulating some sounds of language with the air escaping through the nose rather than through mouth e.g. 'ng' in 'sing'. In English vowels can become nasalized under the influence of adjoining nasal consonants, e.g. meaning.
- অনুপস্থিতিতo.nu.pos.thi.titAdverb
উপস্থিত নথকাত ৷
While or although not present; in absence.
- অনুপাতেAdverb
অনুসাৰে; পৰিমাণে
proportionally; in proportion to
- অনুপ্ৰাণিত কৰ্o.no.pra.nit korVerb-Trans.
To stimulate a person, esp. for some creative activity
- অনুবদ্ধo.nu.bod.dhoVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- অনুবন্ধিতVerb-Trans.
কোনো ব্যক্তি বা প্ৰাণীক মানসিকভাৱে প্ৰশিক্ষণ দিয়া বা প্ৰভাৱিত কৰা যাতে তেওঁলোকে কোনো বিশেষ কাম চিন্তা নকৰাকৈয়ে কৰে বা আশা কৰে৷
to train or influence a person or animal mentally so that they do or expect a particular thing without thinking about it.