কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নল-মৌnala-mauNoun
এজাতি মৌ।
- নলকnalakaNoun
নাকত ওলমাই পিন্ধা অলঙ্কাৰ-বিশেষ।
- নলকঁচুnol.ko~.suCommon Noun
বহল পাতেৰে এবিধ গ্ৰীষ্মমণ্ডলীয় কঁচু প্ৰজাতি আৰু তাৰ কন্দজাতীয় ৰূপান্তৰিত মূল যাক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়|
A widely cultivated tropical Asian plant (Colocasia esculenta) having broad peltate leaves and a large starchy edible tuber.
- নলকুবৰnalakubaraNoun
কুবেৰৰ পুতেক; যেনে-"নামে মণিগ্ৰীব নলকুবৰ অপৰ" (দশম)।
- নলটেঙাnalaṭeṅāNoun
মৰা শাকৰ নিচিনা পাতেৰে অলপ ৰঙচুবা বৰণৰ এবিধ বনৰীয়া কোমল টেঙা লতা-শাক
a kind of acid creeper used as vegetables
- নলটেঙ্গাnalaṭeṅgāNoun
মৰা শাকৰ নিচিনা পাতেৰে অলপ ৰঙচুবা বৰণৰ এবিধ বনৰীয়া কোমল টেঙা লতা-শাক
a kind of acid creeper used as vegetables
- নলধানnaladhānaNoun
গছে, পাতে, গুটিয়ে কোবামণিৰ সদৱশ কিন্ত্ত তাতকৈ সৰু এবিধ বামখেতিত হোবা ধান
Job's tears; coixlachyrma jobi
- নলবাৰীnol.ba.riAbstract Noun
নামনি অসমৰ এখন জিলা, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ মাজেৰে গৈছে
A district in lower Assam; It is situated in between 26oN and 27o N latitude and 91o E and 97o E longitude ; It is on NH31
- নলামুখnalāmukhaNoun
নঙলামুখ; যেনে-"ডাঙৰীয়াই নলামুখ পাওঁতেই মোবামৰীয়াই খেদি আহিল" (বুৰঞ্জী)।
- নলিকাno.li.kaMaterial Noun
এডাল সৰু নলী
a small tube; a minute tubular structure
- নলিচাnalicāNoun
চিলিম লগাবলৈ ধোঁবাখোবাত খাজি লগাই দিয়া ফোঁপোলা মাৰি বা নল
the upright tube of the hookā
- নলিনno.linCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- নলিনীnalinīNoun
কমলিনী; পদ্ম
a lotus
- নলীnalīNoun
ধোঁবাখোবাৰ ধোঁবা টান নলাৰ চুঙা বা তেনে আন দীঘল ফোঁপোলা বস্ত্ত
a tube attached to the hookā for drawing in smoke; a pipe
- নলীনাদno.li.nadMaterial Noun
মাটিৰ তললৈ নলী (সাধাৰণতে লোৰে নিৰ্মিত) বহুৱাই বায়ুৰ চাপৰ সহায়ত ভূ-গৰ্ভস্থ পানী তোলা যন্ত্ৰ ।
a well (often with a hand-pump at the surface) made by driving a tube into the earth to a stratum that bears water
- নলৰৰাnalararāNoun
গাহৰিৰ গঢ়ৰ আৰু তাৰ নিচিনা মুখেৰে, ঠেঙত নখ থকা এবিধ জন্ত্ত
a kind of wild animal resembling a hog
- নশিকাৰুno.xi.ka.ruProper Noun
যি কোনো কাম বা দক্ষতা নতুনকৈ শিকিবলৈ আৰম্ভ কৰিছে
a person who has recently started an activity
- নশ্বৰতাAbstract Noun
নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট অঞ্চলত হোৱা জীৱৰ মৃত্যুৰ সংখ্যা
the number of deaths of human or any living being in a given time in a gievn area
- নষ্ট নিধিত্বnos.to ni.dhirAbstract Noun
ব্যৱসায়ত অত্যন্ত লোকচান বা বিফল হোৱা অৱস্থা
state of extreme failure/loss in a business
- নষ্ট-চন্দ্ৰnaṣṭa-candraNoun
ভাদ মাহৰ দুয়ো পক্ষৰ চতুৰ্থীৰ চন্দ্ৰ
the fourth lunar day of each half of the month of Bhādra