কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাজংCommon Noun
এটা জনগোষ্ঠী৷ হাজংসকল অসম অৰুণাচল মেঘালয় আৰু বাংলাদেশত বাস কৰে৷ তেওঁলোকৰ ভাষা অসমীয়া ভাষাৰ কাষচপা৷ হাজোৰ হয়গ্ৰীৱ মাধবৰ উপাষক হাজোৰ প্ৰৱজিত বাবে এওঁলোকক হাজং বোলে৷
The Hajong is a tribal ethnic group in the Indian Subcontinent. The Hajong are the fourth majority tribe in Meghalaya. Hajong people are spread out across northeast India and Bangladesh. At present their population is more than 200,000 in India and 50,000 in Bangladesh
- হাজতিয়ালha.jo.ti.yalCommon Noun
বন্দীশালত আটক কৰি ৰখা মানুহ
Person taken into custody and kept in prison
- হাজামhājāmaNoun
নাপিত
a barber
- হাজামতha.ja.motCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- হাজাৰhājāraNoun
সহস্ৰ সংখ্যা; দহ শ সংখ্যা; 1,000
a thousand
- হাজাৰী ঘোষাha.ja.ri gho’.xaProper Noun
মাধৱদেৱৰ দ্বাৰা বিৰচিত বৈষ্ণৱ ধৰ্মৰ এখন পুথি৷
one of a Vaishnav religious book written by Madhavdev.
- হাজিhājiNoun
বান্ধ; মিত্ৰ
friend
- হাজিৰ-জামিনhājira-jāminaNoun
আদালতত আন এজনৰ দায়িত্ব গ্ৰহণ কৰি তাক হাজিৰ কৰাবলৈ ভাৰ লোবা লোক
surety for appearance of another
- হাজিৰাhājirāNoun
কামত উপস্হিতি
presence; attendance
- হাজিৰা বহীCommon Noun
কোনো প্ৰতিষ্ঠানত নিয়োজিত কৰ্মীৰ তালিকা লিখি ৰখা বহী
a list of the employees and men in a regiment or organization
- হাজিৰা-বহীNoun
কামত উপস্হিত লেখা বা গণনা ৰকা বহী
an attendance register
- হাজীhājīNoun
"হাজ" চোবাঁ।
- হাজোha.jo`Proper Noun
কামৰূপ জিলাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উল্লেযোগ্য ঠাই। হিন্দু, মুচলমান আৰু বৌদ্ধ সকলৰ তীৰ্থ।
A small town near Guwahati with Hindu, and Buddhist Islamic religious importance.
- হাজোতhājotaNoun
বিচাৰ শেষ হোবাৰ আগতে অপৰাধীক আটক ৰখা কাৰ্য্য
confinement of an under-trial accused
- হাজোবলীয়াhājobalīẏāNoun
হাজোৰ লগত সম্পৰ্ক থকা; যেনে-হাজোবলীয়া বাজনা।
- হাজৎhājatNoun
বিচাৰ শেষ হোবাৰ আগতে অপৰাধীক আটক ৰখা কাৰ্য্য
confinement of an under-trial accused
- হাজৰিকাhājarikāNoun
আহোম ৰজাৰ দিনৰ এহেজাৰ কাঁৰীৰ ওপৰত থকা বিষয়াৰ উপাধি
a surname given to a supervisor over one thousand labourers during the Āhom Rājā's time
- হাজৰিকীয়াhājarikīẏāNoun
আহোম ৰজাৰ দিনৰ এহেজাৰ কাঁৰীৰ ওপৰত থকা বিষয়াৰ উপাধি
a surname given to a supervisor over one thousand labourers during the Āhom Rājā's time
- হাটhāṭaNoun
নিৰ্দ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনাবেচা কৰা ঠাই
a fair; a periodical market
- হাট-আৰেংhāṭa-āremNoun
হাট-বজাৰ; হাট-বজাৰৰ কাৰণে ৰখা মুকলি ঠাই
a market-place