কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নমঃnamaḥNoun
প্ৰণাম।
- নমঃশূদ্ৰnamaḥśūdraNoun
দক্ষিণ অসমৰ জাতি-বিশেষ।
- নমনীয়তাno.mo.ni.yo.taAbstract Noun
কোনো এটা বস্তুক কিমান ভাঁজ দিব পাৰি বা বেঁকা কৰিব পাৰি তাক বুজোৱা গুণ
the quality that defines to what extent a material can be bent
- নমস্কাৰnamaskāraNoun
মূৰ দোঁবাই কৰা প্ৰণাম; সেবা
a bow
- নমাজnamājaNoun
নামাজ।
- নমিতা ভট্টাচাৰ্যno.mi.ta bhot.ta.sar.jyoProper Noun
অসমৰ এগৰাকী বিখ্যাত, জনপ্ৰিয় আৰু সুৱদী কণ্ঠৰ গায়িকা৷ ’আলি ঢাকি পৰ শালিকী’, ’পীৰিতি নামৰে তিনিটি আখৰ ঐ’ আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷
a very famous and popular female voice in Assamese music.
- নমিনীCommon Noun
a person nominated, as to run for elective office or fill a particular post.
- নমুচিno.mu.siProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- নমুনাnamunāNoun
আদৰ্শ; আৰ্হি
a sample
- নমোnamoNoun
প্ৰণাম।
- নমোৱাno.mo`.waVerbal Noun
ইন্টাৰনেটৰ পৰা কোনো বস্তু, ফাইল, তথ্য নিজৰ কম্পিউটাৰলৈ অনা কাৰ্য্য
the act or process of downloading data from one computer system to another, typically over the Internet.
- নম্বৰnambaraNoun
সংখ্যা; চিন
number; mark
- নম্ৰতাnom.ro.taAbstract Noun
বিনয়ী গুণ; নিজৰ গুৰুত্ব, পদবী আদি সম্পৰ্কে বিনয়ী মত বা অনুভৱ।
the quality of being humble; modest opinion or estimate of one's own importance, rank, etc.
- নম্ৰভাৱnom.ro.bhabAbstract Noun
বিনয়ী গুণ; নিজৰ গুৰুত্ব, পদবী আদি সম্পৰ্কে বিনয়ী মত বা অনুভৱ।
the quality of being humble; modest opinion or estimate of one's own importance, rank, etc.
- নলnalaNoun
এবিধ ফোঁপোলা খাগৰি জাতিৰ তৱণ
a kind of reed : Phragmites rosiburgii, or Arundo karka
- নল খাগৰি ভাটৌnol kha.go.ri bha.touProper Noun
কেবল উঃপূব ভাৰতত পোৱা প্ৰায় চাৰে সাত ইঞ্চি দীঘল এবিধ বিৰল প্ৰজাতিৰ মুগা বৰণীয়া চৰাই| কাজিৰঙা, ডিব্ৰু-চৈখোৱা অভয়াৰন্যত দেখা যায়|
a brown colored rare bird of northeastern India numbering less than10,000 and threatened by habitat loss and degradation. Found in Kaziranga, Dibru-Saikhowa and D'Ering Wildlife sanctuaries.
- নল-কচুnala-kacuNoun
"কচু" চোবাঁ।
- নল-গাহৰিnol-ga.ho.riCommon Noun
এবিধ গাহৰিৰ নিচিনা মুখৰ পাঁচ নখীয়া সৰু বনৰীয়া জন্তু৷ এটা ডাঙৰ নল-গাহৰি ১.৬ ফুট ওখ হয়৷
The smallest suid known of the order Artiodactyla, of the family Suidae. Scientific name: Sus salvanius. This endangered species is found in Assam only.
- নল-দুৰাnala-durāNoun
এজাতি বামত থকা দুৰা কাছ
a kind of turtle
- নল-বাঁহnala-bām̐haNoun
"বজাল বাঁহ" চোবাঁ।