কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তলুৱাto.lu.waMaterial Noun
সৰু-গাঁঠিৰ পৰা আঙুলিৰ গুৰিলৈকে বিস্তৃত হাতৰ ভিতৰ-পৃষ্ঠৰ অংশটো
the part of the inner surface of the hand that extends from the wrist to the bases of the fingers
- তলেক্ষণCommon Noun
চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।
a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging.
- তলৈPronoun
সেই ঠাইলৈ
to that place
- তলোদাMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- তলোদৰীCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- তলৌ কানমাৰিtalau, kānamāriNoun
দলৌ বাঁহৰ কানমাৰি। "এই তিনিপৰীয়া দলৌ কানমাৰি ছকুৰি কুকুৰাৰ ভাৰ" (বৰগীত)।
- তল্পtalpaNoun
শয্যা; যেনে-"আয়ু ব্যৰ্থ যায় জানা যমৰাই কেতিক্ষণে ধৰে তল্প" (অনাদিপাতন)।
- তল্পকCommon Noun
ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
one who serves others for monetary compensation.
- তলৰ ওঁঠto.lor o`~thMaterial Noun
খাদ্য খাওঁতে বা কথা কওঁতে লৰচৰ কৰা মুখৰ তলৰ মাংসপেশী৷
The lower muscle of the mouth. One can take his food by opening this part and speak.
- তষ্টাCommon Noun
কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |
A woodworker who makes or repairs wooden objects.
- তস্কৰtaskaraNoun
চোৰ; ডকাইত
a thief; a robber
- তস্কৰবৃত্তিtos.kor.britAbstract Noun
the act of taking (the property of another or others) without permission or right
- তহঁতtaham̐taPronoun
তোমালোক (তুচ্ছাৰ্থত)
you
- তহকিতtahakitaNoun
তদন্ত
enquiry
- তহকিত্toh.kitAbstract Noun
কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ
the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts
- তহচিলtoh.silProper Noun
কেইবাটাও মৌজাৰে গঠিত ৰাজহ চক্ৰ |
A revenue circle including few mouzas.
- তহচিলদাৰtoh.sil.darCommon Noun
তহচিলৰ খাজনা তোলাৰ কতৃত্ব থকা লোক |
A revenue administrative officer in Pakistan and India in-charge of obtaining taxation from a tehsil.
- তহছিলtahachilaNoun
পৰগনা
a part of a district larger than a mauzā
- তহবিলtahabilaNoun
জমা; পুঁজি
cash deposit
- তহবিলদাৰtoh.bil.darCommon Noun
কোনো ৰাজহুৱা প্ৰতিষ্ঠান বা সংঘ আদিৰ পূঁজিৰ হিছাপ-পত্ৰ ৰখা লোক
One who looks after the funds of a public body or a club, etc.