কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপাৰ্জন কৰ্u.par.jon korVerb-Trans.
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
to obtain money by means of one's livelihood
- উপেক্ষা কৰ্u.pe.khya korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- উপৰুৱাকৈ চালেu.po.ru.wa.koi sa.leAdverb
Appearing as such but not necessarily so
- উপৱেশন কৰu.po.we.xon korVerb-Intran.
কোনো চকি, মুঢ়া আদিত অৱস্থান ল
To station oneself in a seat or a sofa or chair
- উফল্uphalIntransitive verb
বাঢ়্; উখহ্; যেনে-"পেট উফলিছে"
to swell
- উফাu.phaVerb-Trans.
সিজি ডাঙৰ হৈ ওফন্দি পৰ্
to increase in volume due to boiling
- উফা-uphā-Intransitive verb
সিজি ডাঙৰ হৈ অধিক হ; ওফন্দ্; বাঢ়্
to increase in volume (as boiled rice); swell
- উফাইডাং মাৰ্. ওফাইডাং মাৰ্Verb
ডাঙ্কোপ মাৰ্।
- উফৰি পৰ্u.pho.ri porVerb-Trans.
ঠেকা বা খুন্দা খাই আঁতৰত পৰ
to fall off at a distance after hitting something
- উফৰি যাVerb-Trans.
ঠেকা বা খুন্দা খাই আঁতৰত পৰ
to fall off at a distance after hitting something
- উবল্ubalIntransitive verb
ফাটি ওলমি যা; গেলি বা পচি এৰাই যা বা খণ্ড খণ্ড হ
to be torn to pieces; to slough off
- উবাৰu.barVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- উবাৰিu.ba.riAdverb
একেবাৰে চিন মোকাম নাইকিয়া কৰি ৷
Totally ruining or laying waste.
- উবাৰ্u.barVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- উবুৰি খাu.bu.ri khaVerb-Intran.
শুই থকা অৱস্থাত গাটো বগৰাই দিয়া। লুটিয়াই দিয়া।
to roll the body like a log on a plain surface.
- উবুৰি হu.bu.ri hoVerb-Intran.
তললৈ মুখ কৰি পেট পেলাই শো বা পৰ্
to lie with the face downwards
- উবুৰিয়াTransitive verb
ওপৰৰ ফাল বা মুখৰ ফাল তল কৰ্
to lay upside down or with the face downwards
- উভঞ্জu.bhonjVerb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উভটি আহ্u.bho.ti ahVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- উভতu.bhotVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state