কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুমটি-ঘূৰণghumaṭi-ghūraṇaNoun
এটা ৰোগ [এই ৰোগে ধৰা মানুহে টোপনিতে খোজ কাঢ়ি ফুৰে আৰু কেতিয়াবা আন কামকো কৰে, কিন্ত্ত কি কৰিছে তাক নেজানে।]
somnambulism
- ঘুমতিAbstract Noun
নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়
the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness.
- ঘুমনিghumaniNoun
গভীৰ চিন্তাৰ কাৰণে বাহিৰৰ জ্ঞান নথকা অবস্হা
the state of being lost in deep thought
- ঘুমন্তghu.mon.toAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- ঘুমুবghumubaNoun
উদফাই ৰোগ ধৰা
asthmatic
- ঘুমুৰghu.murAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- ঘুমুৰোগghumurogaNoun
উদফাই ৰোগ ধৰা
asthmatic
- ঘুমে-খাইডীghume-khāiḍīNoun
খালৈ-ভাঙী মাছ।
- ঘুমেখাইতীghu.me.khai.tiCommon Noun
এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
A big mouth fish like a Climbing fish .
- ঘুম্ghumNoun
ধুম্; বৰহিলৈৰ মাতৰ নিচিনা শব্দ
an imitative word used to express the report of a cannon or similar sound
- ঘুলঘুলিghul.ghu.liMaterial Noun
পৰিষ্কাৰ বতাহ চলাচল কৰিবৰ বাবে ৰখা কোনো আহিলা বা খিৰিকী
a device or apparatus for circulating fresh air
- ঘুলাghulāNoun
ঘুগুলা; শস্য-বন আদি পচি বা ভাগি-ছিগি হোবা গুৰি
anything reduced to dust
- ঘুলিghuliNoun
নৈৰ দাঁতিত দ পানী থকা, বৰ সোঁত নথকা আৰু বতাহে নোপোবা কুঢ়; ঘোপ
an inlet of a river which is used as a place of safety for boats; a harbour
- ঘুলুঙীয়াghuluṅīẏāNoun
বহল পানীৰ মাজৰ দ ঠাই।
- ঘুৰিghu.riMaterial Noun
মেখেলা সদৃশ ওপৰ ফালে কোঁচ থকা ভাৱৰীয়াই পিন্ধা কাপোৰ
a patticoat worn by males on traditional Assamese dramatic performances.
- ঘুৰ্ঘুৰীghur.ghu.riMaterial Noun
দুৱাৰৰ উলম্ব ধুৰাডাল মুকলিকৈ ঘূৰিবৰ কাৰণে তলত দিয়া বাঁহৰ গাঁঠি অথবা মাজ-খোলা কৰা কাঠৰ টুকুৰা
a small wheel, a joint of bamboo or a piece of wood with a hole or depression on it placed under the main axis of a door as its support for free movement
- ঘূকCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- ঘূণghunCommon Noun
শস্য, কপাহ বা কাঠ আদি ধ্বংস কৰা গুবৰুৱাৰ দৰে পতংগ
any of various beetles which destroy crops such as grains and cotton,also wood
- ঘূলিghu.liAbstract Noun
কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।
Circular motion of a liquid or gas.
- ঘূৰ-পাকghūra-pākaNoun
বেগাই মৰা পাক; ঠাইতে ঘূৰি মৰা পাক; খৰলি-পাক
a quick turn without moving forward