কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লগে লগেlo.ge lo.geAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- লগে-ভাগেlage-bhāgeAdverb
একে লগে; একে সঙ্গে
in company with; along with
- লগে-সঙ্গেlo.ge-xong.geAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- লঘোন দেlo.gho`n deVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- লঘোনেlo.gho`.neAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- লঘোনে থাক্lo.gho`.ne thakVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- লঘোনে-ভোকেlo.gho’.ne-bho’.keAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- লঙ্ঘন কৰ্long.ghon korVerb-Trans.
to go beyond in quantity, degree, rate, etc.
- লঙ্ঘ্laṅghTransitive verb
জাঁপ মাৰি পাৰ হ; ডেই যা
to step or cross oven
- লঠঙা হlo.tho.nga hoVerb-Intran.
পাত, ফুল আদি সৰি নঙঠা হ (গছৰ ক্ষেত্ৰত)।
to be stripped off of leaves and flowers (as a tree).
- লঠা হlo.tha hoVerb-Intran.
পাত, ফুল আদি সৰি নঙঠা হ (গছৰ ক্ষেত্ৰত)।
to be stripped off of leaves and flowers (as a tree).
- লতাচানেকীয়াlo.ta.sa.ne.ki.yaVerbal Adj.
মাটি, বেৰ আদিত বগাই বাঢ়ি যোৱা (উদ্ভিদ)
growing along the ground, a wall, etc., as a plant
- লথিয়াlathiẏāTransitive verb
লাথি মাৰ্; ভৰিৰে পাছফাললৈ প্ৰহাৰ কৰ্
to kick
- লপলপাlop.lo.paVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- লপা-থপা দেlo.pa-tho.pa deVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- লপ্lapIntransitive verb
কথা ক; লপ্লপা; যেনে-"আজি যদি ভালে ৰহ তেবেসে লপস" (বনপৰ্ব)।
- লপ্ লপ্ কৰেAdverb
খৰকৈ ওঁঠ, জিবা লৰাই আৰু শব্দ কৰি।
- লপ্লপাIntransitive verb
সঁচা-মিছা নিবিচাৰি বহুত কথা ক।
- লবেlabeTransitive verb
লয়; গ্ৰহণ কৰে।
- লভ্labhTransitive verb
পা; লাভ কৰ্
to gain; to get