কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তক্ষশিলাtakṣaśilāNoun
এখন প্ৰাচীন নগৰ [ভৰতৰ পুত্ৰ তক্ষৰ নামেৰে স্হাপিত নগৰ, জন্মেজয়ে ইয়াতে সৰ্প-যজ্ঞ কৰিছিল।]
an ancient city named after Takṣam the son of Bharata; Janamejaya performed the snake-sacrifice in this city
- তক্ৰসাৰMaterial Noun
গাখীৰ বা ক্ৰীম ঘুঁটিলে বেলেগ হৈ অহা কোমল, বগা অথবা সামান্য হালধীয়া বৰণৰ চৰ্ব্বী অংশ।
the fatty portion of milk, separating as a soft whitish or yellowish solid when milk or cream is agitated or churned.
- তকৰালtakarālaNoun
বাদানুবাদ; তৰ্ক।
- তগৰtagaraNoun
গোন্ধ থকা এবিধ বগা ফুলৰ আৰু তাৰ গছৰ নাম [ই কেইবাজাতৰো আছে-জাঁপ-তগৰ আৰু নৰা-তগৰ]
a kind of strong scented flower
- তঙালtaṅālaNoun
বস্ত্ত আদি বান্ধিবৰ কাৰণে কোমল বাঁহৰপৰা তুলাই লোবা জৰী।
- তঙ্কtaṅkaNoun
অতিপাত খং; যেনে-"ৰাবণৰ তঙ্ক দেখি উঠি তাবক্ষণে। শাস্ত্ৰ-নয় দেখায়া ৰাখিল বিভীষণে" (মা. ক., সুন্দৰাকাণ্ড)
excessive anger
- তঙৰাtaṅarāNoun
তমালৰ মোচৰ।
- তঙৰা-গাঁঠিtaṅarā-gām̐ṭhiNoun
খেৰৰ বেছা বন্ধা গাঁঠি।
- তচক্Material Noun
বিছনাত পাৰি শুবলৈ তুলা ভৰাই লোৱা কাপোৰ ।
a fabric case filled with soft,firm or springy material used for sleeping on.
- তচলিমtos.limAbstract Noun
দুজন ব্যক্তি মিলিত হওঁতে এজনে আনজনক জনোৱা অভিবাদন
Greetings when people meet.
- তচুtacuPronoun
তাৰ; তেওঁৰ।
- তছবিtachabiNoun
মুছলমানৰ জপমালা
rosary
- তছবিৰtachabiraNoun
ছবি; ; প্ৰতিমূৰ্ত্তি
a picture ; a portrait
- তছৰtacharaNoun
এবিধ পাট
a kind of silk
- তজুtajuPronoun
তোমাৰ; আপোনাৰ
thine; your
- তঞ্চকtañcakaNoun
ঠগ; প্ৰবঞ্চক
a cheat
- তঞ্চকতাtañcakatāNoun
প্ৰবঞ্চনা; বঞ্চনা কৰা কাৰ্য্য
fraud
- তঞ্চকিNoun
প্ৰবঞ্চনা; প্ৰতাৰণা
deception; fraud
- তটtaṭaNoun
কূল; নৈ আদিৰ পাৰ
a bank, as of a river
- তটভূমিtot.bhu.miAbstract Noun
সাধাৰণতে বালি, শিল আদিৰে ভৰি থকা সাগৰৰ পাৰ।
The the edge of a sea, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.