কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডকাইতḍakāitaNoun
বলেৰে লোকৰ বস্ত্ত নিওঁতা বা অপহৰণ কৰোঁতা; দস্যু
a robber; a freebooter
- ডকাইতিNoun
ডকাইতৰ কাৰ্য্য বা বৱত্তি
robbery
- ডক্টৰḍakṭaraNoun
পাণ্ডিত্য বুজোবা উপাধি।
Doctor
- ডগḍagaNoun
চাহ পাতৰ কোঁহ।
dug
- ডগডগḍagaḍagaNoun
ঢকঢক।
- ডগডগীḍagaḍagīNoun
এবিধ দীঘলীয়া গাৰে আৰু সৰু দীঘল ডিঙিৰে লোটা
a water vessel with a long and narrow neck
- ডগমগdog.mogMaterial Noun
লৰি থকা দীপ্তি বা পোহৰ ।
a glittering flash of light.
- ডগ্মগ্ḍagmagNoun
জকমক; জলমল; লৰি বা কঁপি থকা দীপ্তি
a sparkle
- ডগ্ৰাḍagrāNoun
সমূলি টেঙা নোহোবা ঘন ম'হৰ গাখীৰ; থমা দৈ।
- ডঙুৱাdo.ngu.waCommon Noun
কেতিয়াও বিয়া নোহোৱা মতা মানুহ ৷
Man who has never been married.
- ডঙ্কাḍaṅkāNoun
ঢোলৰ দৰে বাদ্য-বিশেষ, দুন্দুভি
a kind of drum
- ডঙৰিḍaṅariNoun
ডিঙৰি; চালনিত নসৰকা ডাঙৰ চাউল, চাউলৰ গুৰি আদি
the coarse part of any powdered substance remaining on the sieve
- ডজনḍajanaNoun
বাৰটা
dozen ; twelve
- ডঠḍaṭhaNoun
হাতী খোঁচা পোন জোঙা মাৰি
an elephant goad
- ডঠাḍaṭhāNoun
হাতী খোঁচা পোন জোঙা মাৰি
an elephant goad
- ডনḍanaNoun
মাটিত দণ্ডবত হৈ পাৰি কুৰা কুন্তি; যেনে -"হনুমান ডন"
a form of physical exercise
- ডনিকনাḍanikanāNoun
ডঁৰিকনা।
- ডফলাḍaphalāNoun
এজাতি পৰ্ব্বতীয়া মানুহ
the Dafla tribe of the Dafla hills in Arunachal
- ডবকাdo.bo.kaProper Noun
নগাঁও জিলাত এখন উল্লেখযোগ্য ঠাই৷
An important place in Nagaon district of Assam.
- ডবল-কোৰḍabala-koraNoun
দকৈ মৰা কোৰ
deep hoeing