কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গইঠাgaiṭhāNoun
গঁৰিলা; ৰক্ষাৰ ঠাই; আশ্ৰয়; সহায়
refuse; support
- গইনাgoi.naAbstract Noun
দায় সাৰিবলৈ দেখুওৱা মিছা কাৰণ।
Ostensible reason or excuse offered.
- গউবাgaubāNoun
গৰু; যেনে-"ফিৰত গউবা চৰাই" (বৰগীত)।
- গকাৰgakāraNoun
ব্যঞ্জনবৰ্ণৰ "গ" আখৰ।
- গকুলgo``.kulProper Noun
মহাভাৰতত উল্লেখিত ঠাই৷ কৃষ্ণৰ জন্মস্থান৷
A place mentioned in Indian mythology. Birth place of Srikishina.
- গগনgaganaNoun
আকাশ
the sky
- গগন-মণ্ডলgagana-maṇḍalaNoun
চকুৰে চাৰিওফালে দেখিবলৈ পোবা সমুদায় ঘূৰণীয়। আকাশখন
the circle of the sky
- গগনগতিgo.gon.go.tiCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- গগনচাৰীgo.gon.sa.riCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- গগনচৰgo.gon.sorCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- গগনপ্ৰান্তgo.gon.pran.toAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- গগনবিহাৰীgo.gon.bi.ha.riCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- গগনমণ্ডলAbstract Noun
স্বৰ্গ আৰু মৰ্ত্ত্যৰ মাজৰ অঞ্চল
the region between the earth and the heaven
- গগনাgaganāNoun
এচটা বাঁহৰ সোঁ-মাজত জিভা কাটি তাৰ এমূৰে বটীয়া লগাই বাঁহচটা মুখত পখালিকৈ সুমাই বটিয়া ডাল টানি টানি ডিঙিৰপৰা শব্দ কৰি বজোবা যতন [গগনা দুবিধ-লাহৰী (বা ৰূপহী) আৰু ৰামঘন; লাহৰী গগনা ছোবালীয়ে মুখেৰে বজায়।]
a kind of musical instrument
- গগনান্তৰালgo.go.nan.to.ralAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- গগনাম্বুgo.go.nam.buMaterial Noun
মেঘৰ পৰা পানীৰ টোপালবোৰ |
Water falling in drops/droplets from vapour condensed in the atmosphere (cloud).
- গগনোল্মুকgo.go.no`l.mukProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- গগলাgagalāNoun
হাতৰ আঙুলি উখহি হোবা এবিধ ৰোগ; পবা
a swelling of the finger; a whitlow
- গগল্চgo.golsProper Noun
ৰ`দ, বতাহ আৰু ধূলি-বালিৰ পৰা চকুজুৰি বচাই ৰাখিবলৈ ব্যৱহাৰ কৰা ৰঙীন চশমা ৷
A eyeglasses, worn to protect the eyes from hazards such as wind, glare, water, or flying debris.
- গগৈgagaiNoun
বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বাহিৰে আন সাতঘৰীয়া আৰু ভদ্ৰ শ্ৰেণীৰ আহোমৰ উপাধি
a title used by certain higher families of the Ahoms