কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেঁচা দেhe~.sa deVerb-Trans.
নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
to force to do something by threatening of dare consequence if not done.
- হেঁচা-হেঁচিকৈ সোমাhe~.sa he~.si.koi xo`.maVerb-Trans.
অলপ ঠাইতে অধিক মানুহ বা বস্তু গোট খা
to be pressed together, as in a narrow place.
- হেঁচাটেপা কৰ্he~.da.te.pa korVerb-Intran.
বহুসংখ্যক একে ঠাইতে গোট খা
to assemble or go in a large number
- হেঁচুকি দেhe~.su.ki deVerb-Trans.
কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে স্পৰ্শ কৰা বা লাহেকৈ হেচোঁক মৰা৷
To push something or someone gently, especially to push someone with your elbow to attract their attention.
- হেঁচোকhe~.so’kVerb-Trans.
শক্তিৰে কোনো বস্তুক নিজৰ পৰা দূৰলৈ আঁতৰাই দে
to force something away from oneself.
- হেঁচোক্hem̐cokTransitive verb
এফালৰপৰা আন ফাললৈ ঠেলি গতি কৰা; ঠেল্
to push
- হেঁচ্hem̐cTransitive verb
ঠেল্; বলেৰে ভৰ দি ধৰ্ বা চেপ্
to push; to press
- হেঁপাhem̐pāIntransitive verb
ঘনে ঘনে উশাহ ল; ফোঁপা
to pant; to breathe hard
- হেঁপা মেল্Intransitive verb
দূৰৰ বস্ত্ত ধৰিবলৈ হাত মেল্।
- হেঁপাই ফোঁপাইhe~.pai pho`~.paiAdverb
মুখেৰে শব্দ কৰি খৰকৈ, চুটি-চুটিকৈ মুখেৰে উশাহ লৈ
breathing quickly and loudly through mouth
- হেঁপাই-ফোঁপাইAdverb
শ্ৰম বা দুৰ্ব্বলতাৰ গতিকে ঘনাই ঘনাই উশাহ লৈ ফোঁপাই-জোপাই; গেঁথাই-ফোঁপাই
panting; being out of breath
- হেঁপাহ পলুবাTransitive verb
হেঁপাহ দূৰ কৰ্
to appease longing, hunger or thirst
- হেঁপাহ পলুৱাইhe~.pah po.lu.waiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.
- হেঁপাহ পূৰাইhe~.pah pu.raiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.
- হেঁহাIntransitive verb
ঘোঁৰাৰ নিচিনাকৈ ঢেক্ঢেকা
to neigh
- হেক্হেকাIntransitive verb
ঘনে ঘনে কোনো কাৰ্য্য কৰিবলৈ কৈ আমনি কৰ্; খেচ্খেচা
to vex by dunning or importuning
- হেঙাheṅāTransitive verb
কেহা বা টেঙা ৰসৰ বস্ত্তবে ডিঙিত অলপ খজুওবাৰ দৰে বেদনা কৰ্; যেনে-"কেঁচা বগৰীয়ে গল হেঙালে
to cause slight irritating or itching sensation in the throat
- হেঙা ধৰ্he.nga dhorVerb-Trans.
কোনো ভুল ক্ৰুতিৰ বাব জগৰীয়া কৰ্ ৷
To charge a person with wrongdoing with proof/evidence
- হেঙা-ধৰ্heṅā-dharVerb root
দায় ধৰ্।
- হেজাৰগুণেhe.jar.gu.neAdverb
কিবা এটাতকৈ হাজাৰবাৰ বেছি৷
thousand times as much